শৰীৰ সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত দাঁতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ দাঁত সুস্থ নাথাকিলে শৰীৰ কেনেকৈ সুস্থ হৈ থাকিব৷ দাঁত চাফা কৰি ৰাখিবলৈ প্ৰত্যেক দিনেই আমি দাঁত ব্ৰাছ বা দাঁতন ব্যৱহাৰ কৰো৷ কিন্তু এই দাঁত ব্ৰাছডাল কিমানদিন ব্যৱহাৰৰ উপযোগী হৈ থাকে সেই কথা বহুতেই নাজানে আৰু জনাসকলেও বিশেষ গুৰুত্ব নিদিয়ে৷ প্ৰকৃততে প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট ম্যাদ থাকে৷ বজাৰৰ পৰা কিনি অনা ঔষধ, খাদ্য সামগ্ৰী বা পানীয় কিনিবলৈ গ’লে ‘এক্সপায়াৰি ডেট’ চাই লোৱা হয়৷ প্ৰসাধনী সামগ্ৰীৰ ক্ষেত্ৰতো একেকথাই খাটে৷ কিন্তু দাঁত মজা ব্ৰাছডালৰ ক্ষেত্ৰত আমি গাফিলতি কৰো৷ দাঁত ভালে ৰখাৰ একমাত্ৰ উপায় হ’ল দাঁত ভাল ব্ৰাছেৰে ভালদৰে ব্ৰাছ কৰা৷ ব্ৰাছডাল ক্ষয় গ’লেহে আমি ব্যৱহাৰ কৰিবলৈ বাদ দিওঁ৷ এডাল ব্ৰাছেৰেই কোনো কোনোৱে বছৰটো খেদায়৷ কিন্তু চিকিৎসকসকলৰ মতে প্ৰত্যেক তিনিমাহৰ অন্তৰে অন্তৰে দাঁতৰ ব্ৰাছ সলনি কৰিব লাগে৷ বহুতেই ব্ৰাছৰ ব্ৰিছলছ নষ্ট হৈ যোৱাৰ পাছতো ব্যৱহাৰ কৰিয়েই থাকে৷ প্ৰকৃততে এনেধৰণৰ ব্ৰাছ ব্যৱহাৰ কৰাটো একেবাৰে উচিত নহয়৷ আমি দাঁত ভালে ৰাখিবলৈ নানান ধৰণৰ টুথপেষ্ট ব্যৱহাৰ কৰোঁ, কিন্তু দাঁত ব্ৰাছডালৰ কথা চিন্তা নকৰোঁ৷ প্ৰকৃততে তিনিমাহৰ অন্তৰে অন্তৰে দাঁত ব্ৰাছ সলনি কৰিব লাগে৷ অধিক মূল্য দি কিনা বৈদ্যুতিক ব্ৰাছৰ ক্ষেত্ৰতো একে কথাই খাটে৷ এনেধৰণৰ ব্ৰাছৰ ব্ৰিছলছ অতি সোনকালে নষ্ট হয়৷ দাম দি কিনা বুলিয়েই বছৰৰ পাছত বছৰ সেইডাল ব্যৱহাৰৰ উপযোগী হৈ নাথাকে৷ সেয়ে দাঁত পৰিষ্কাৰ কৰি ৰাখিবলৈ দাঁতৰ ব্ৰাছডালৰ কথাও গুৰুত্ব দিয়া উচিত৷
দাঁত ব্ৰাছ কিমান দিন ব্যৱহাৰৰ উপযোগী হৈ থাকে
Posted on by GTM Desk
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025