নেতাক উৰুৱাই ফুৰিবলৈ খানাপাৰাত সাজু ছখন হেলিকপ্টাৰ; ঘণ্টাত ব্যয় লাখ লাখ টকা

1 min read

এঘড়ী খুঁজ দিবলৈ সকলো দল জপিয়াই পৰিছে নির্বাচনী ৰণক্ষেত্রত। ইতিমধ্যে দলবোৰৰ ঘোষিত প্রার্থীসকলে প্রচাৰৰ নামত দিন- ৰাতি একাকাৰ কৰিছে।

বিশেষকৈ প্রথম পর্যায়ত অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বলগীয়াসমষ্টিকেইটাত প্ৰচাৰৰ তৎপৰতা অধিক বৃদ্ধি হৈছে। অবশ্যে এনে তৎপৰতা বাঢ়িলেও প্রচাৰ সামগ্রীৰ ব্যৱহাৰ কোনেও কৰিব পৰা নাই।

নির্বাচন আয়োগৰ কঠোৰ নিৰ্দেশৰ বাবেই সকলোৱে মনোনয়ন পৰীক্ষাৰ অন্তিম দিনটোলৈ অপেক্ষা কৰিব লাগিব। তাৰ বিপৰীতে দলবোৰৰ মাজত তেনে সামগ্রী সংগ্রহ প্রক্রিয়া, ছপোৱা আদিৰ ব্যস্ততা বাঢ়িছে।

অৱশ্যে এই ক্ষেত্ৰত বিজেপিৰ পৰিৱেশ সুকীয়া। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ তলৰ মহলাৰ এটা কোঠা ইতিমধ্যে উপচি পৰিছে দলৰ পতাকা, গেৰুৱা টুপী, পদুম ফুলৰ চিহ্ন থকা মাফলাৰ, হাতত মৰা বিজেপিৰ পতাকা ৰঙৰ ৰবৰৰ বেণ্ড আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ছবি সম্বলিত প’ষ্টাৰ-বেনাৰৰে। এই সকলো সামগ্রী দিল্লী আৰু কলকাতাৰ পৰা আহিছে।

এইবোৰ সামগ্রী পুনৰ আহিব বুলি আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ শীর্ষ বিষয়ববীয়াৰ সূত্রই জানিবলৈ দিয়ে। কাৰণ ১৪ টা লোকসভা সমষ্টিতে এই সামগ্ৰীবোৰ ব্যৱহাৰ হ’ব। প্ৰচাৰত ব্যৱহাৰ হ’বলগীয়া বাহন ইতিমধ্যে আহি অসম পাইছে। বিজেপিয়ে এটা বিলাসী কোঠাৰ সকলো সা-সুবিধা থকা এখন বৃহৎ আকাৰৰ বাহন আজি গুৱাহাটীলৈ আনে।

এনে বাহনবোৰত মোদীৰ ফটো সংলগ্ন কৰা হৈছে। এই পর্যন্ত লক্ষাধিক পৰিমাণৰ প’ষ্টাৰ, টুপী, মাফলাৰ, হাতত মৰা বেণ্ড আদি অহা বুলি দলীয় সূত্রই জনায়। এইবোৰৰ উপৰি ৰাজ্যিক বিজেপিয়ে নিজাববীয়াকৈ মুখ্যমন্ত্রী, মন্ত্রী, বিধায়ক, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা আদিব ফটো সম্বলিত বৃহদাকাৰৰ প’ষ্টাৰ ছপোৱা কাম আৰম্ভ কৰিছে।

আকৌ প্রার্থীসকলেও নিজাকৈ নিজৰ প্ৰচাৰৰ প’ষ্টাৰ ছপাবলৈ অৰ্ডাৰ দিছে। প্রার্থীসকলক বিজেপিৰ টুপী, মাফলাৰ, হাতত মৰা বেণ্ড আদি দলৰ পৰা যোগান ধৰা হ’ব।

ইয়াৰ বিপৰীতে নিখিল ভাৰত কংগ্ৰেছ কমিটী (এআইচিচি) ৰ মুখ্য কাৰ্যালয়ৰ পৰা এই পর্যন্ত প্ৰচাৰৰ সামগ্রী আহি পোৱা নাই। অতি কম দিনৰ ভিতৰতে সামগ্ৰীবোৰ আহি পাব। কংগ্রেছতো প্রার্থীসকলে ব্যক্তিগত প্ৰচাৰ সামগ্ৰীসমূহ বিশেষকৈ নিজৰ ছবি থকা প’ষ্টাৰ-বেনাৰ আদি নিজে প্রস্তুত কৰিব লাগিব। কেৱল কংগ্ৰেছৰ সামগ্রিক পৰিচয় থকা সামগ্রী যেনে দলৰ পতাকা, দলীয় টুপী, মাফলাৰ আদি দলে যোগান ধৰিব।

অসম গণ পৰিষদ (অগপ)ৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই জনায় যে তেওঁলোকৰ প্ৰচাৰ সামগ্ৰীসমূহ সাজু কৰাৰ কাম চলি আছে। সেই অনুসৰি, দলৰ পতাকা, টুপী আদি প্রস্তুত কৰিবলৈ দিয়া হৈছে। শইকীয়াই কয়, ‘আমাক কেৱল দুটা সমষ্টিৰ বাবেহে বেছি সামগ্রী লাগিব। বাকী সমষ্টিবোৰত আমি যিহেতু মিত্ৰদলৰ অংশীদাৰ হিচাপে কাম কৰিছো, তাত কিছুমান সামগ্ৰীৰ বহুত প্রয়োজন নাই।’ তথাপি লক্ষাধিক পৰিমাণৰ দলীয় পতাকা, দলৰ প্ৰতীক থকা প’ষ্টাৰ আদি প্রস্তুত কৰা হ’ব। ৷

তদুপৰি বৰপেটাত প্রতিদ্বন্দ্বিতা কৰা ফণীভূষণ চৌধুৰী আৰু ধুবুৰীৰ জাভেদ ইছলামে নিজৰ ছবি থকা প’ষ্টাৰ- বেনাৰ, কাটআউট আদি সাজু কৰাৰ কাম আৰম্ভ কৰিছে। এআইইউডিএফৰ প্রার্থী তিনিজনেও নিজাববীয়াকৈ নিজৰ প্ৰচাৰ সামগ্ৰীৰ বেছিভাগ সাজু কৰিছে।

# মহানগৰীৰ খানাপাৰাৰ পৰা উৰিবলৈ সাজু হেলিকপ্টাৰ

নির্বাচনী প্রচাৰৰ অন্যতম অংগ হৈ পৰিছে হেলিকপ্টাৰো। প্রতিটো নির্বাচনত অসমৰ আকাশত ৰাজনৈতিক দলবোৰে উৰুৱাইছে হেলিকপ্টাৰ। ইতিমধ্যে ছখন হেলিকপ্টাৰৰ বাবে মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰক কৰা হৈছে অস্থায়ী হেলিপেড।

অৱশ্যে হেলিকপ্টাৰক লৈ ইয়াক ব্যৱহাৰ কৰিবলৈ সাজু হোৱা বিজেপি, কংগ্রেছ, অগপ আৰু এআইইউডিএফে নীৰৱতা অৱলম্বন কৰিছে। ইয়াৰে তিনিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব বিজেপিয়ে। তিনিওখন হেলিকপ্টাৰ দ্বৈত ইঞ্জিনযুক্ত।

এখনকৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিব কংগ্ৰেছ, অগপ আৰু এআইইউডিএফে। বিজেপিৰ সূত্রই সদৰী কৰে যে উৰণৰ ঘণ্টা হিচাপত হেলিকপ্টাৰ ব্যৱহাৰৰ ব্যয় ধাৰ্য কৰা হৈছে। সেই অনুসৰি এঘণ্টাত প্রতিখন হেলিকপ্টাৰৰ বাবদ কমেও ২.২৫ লাখ টকা ব্যয় হ’ব। কংগ্ৰেছৰ হেলিকপ্টাৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতহে অসমত উপস্থিত হ’ব। দলৰ দিল্লীৰ কাৰ্যালয়ৰ পৰা হেলিকপ্টাৰ বন্দোবস্ত কৰা হৈছে বুলি প্ৰদেশ কংগ্ৰেছৰ সূত্রই জানিবলৈ দিয়ে।

You May Also Like

More From Author