আমনিত আদিবাসী চাহ জনগোষ্ঠী জাতীয় সমাজ ,সংগঠনৰ যৌথ উদ্যোগত অসম ভিত্তিত জাতীয় মহাঅভিবৰ্তনৰ সফল সামৰণি

1 min read

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ অৰ্পণ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ হাতত 

আদিবাসী চাহ জনগোষ্ঠী জাতীয় সমাজ, সংগঠনৰ যৌথ উদ্যোগত অসম ভিত্তিত জাতীয় মহা অভিবৰ্তন “ খন নগাওঁ জিলাৰ আমনিৰ হকী ষ্টেডিয়ামত  কালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈ আজি সামৰণি পৰে ৷

  • জনগোষ্ঠীটোৰ সাংবিধানিক, ৰাজনৈতিক, আৰ্থ সামাজিক ,শৈক্ষিক তথা ভূমি সমস্যা স্থায়ী সমাধান বিচাৰি  কালিৰ পৰা আমনিৰ হকী ষ্টেডিয়ামত বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম ভিত্তিত জাতীয় মহা অভিবৰ্তন খনৰ আজিৰ মুকলি সভাত মুখ্য অতিথি হিচাপে কলিয়াবৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ৷
  • জাতীয় মহা অভিবৰ্তন খনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে , আদিবাসী চাহ জনগোষ্ঠীয় লোক সকলৰ উন্নয়নৰ হকে বৰ্তমানৰ চৰকাৰ খনে কাম কৰি আহিছে আৰু অনাগত দিনটো কাম কৰি যাব ৷ ৰাজনৈতিক আৰ্থ সামাজিক আৰু শৈক্ষিক দিশত আদিবাসী চাহ জনগোষ্ঠীয় লোক সকলক আগবঢ়াই নিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চেষ্টা অব্যাহত ৰাখিছে ৷ লগতে ভুমি সমস্যা সমূহ বসুন্ধৰা আচঁনিৰ জৰিয়তে সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আহিছে ৷
  • বসুন্ধৰা আচঁনিৰ জৰিয়তে বৰ্তমানলৈকে আদিবাসী চাহ জনগোষ্ঠীয় বহু লোকে মাটিৰ পট্টা লাভ কৰিছে বুলি ভাষণ প্ৰসংগত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰাৰ লগতে যি সকলে মাটিৰ পট্টাৰ বাবে বসুন্ধৰা আচঁনিত আবেদন কৰা নাই তেওঁ লোকক “ বসুন্ধৰা -৩ আচঁনিত আবেদন কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনাই ৷ 

*ৰাজ্যিক আয়োজক সমিতিৰ সভাপতি বিৰেণ মিৰ্ধাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা জাতীয় মহা অভিবৰ্তন খনে জনগোষ্ঠীটোৰ সাংবিধানিক, ৰাজনৈতিক, আৰ্থ সামাজিক আৰু শৈক্ষিক ভূমি সমস্যাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত এখন স্মাৰকপত্ৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ প্ৰেৰণ কৰে ৷ 

*ৰাজ্যিক আয়োজক সমিতিৰ সাধাৰণ সম্পাদক দ্বীপেন নায়কে আতঁ ধৰা মুকলি সভা খনত  আদিবাসী চাহ জনগোষ্ঠীৰ বিভিন্ন সমাজে জুমুৰ আদিকে ধৰি বিভিন্ন নৃত্য, গীত পৰিবেশন কৰি অনুষ্ঠানটো সফল কৰি তোলা পৰিলক্ষিত হয়

You May Also Like

More From Author