মেকআপৰ অবিহনে মুখৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰক এই সমূহ বস্তু…

1 min read

সকলোৱে নিজকে ধুনীয়া দেখাব বিচাৰে। বহুতে মুখৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে মেকআপ ব্যৱহাৰ কৰে। কিন্তু দৈনিক মেকআপ কৰাটো ছালৰ বাবে ভাল নহয়। কাৰণ দৈনিক মেক-আপ কৰিলে ছালৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে। আপোনাৰ ছালখন প্ৰাকৃতিকভাৱে জিলিকাবলৈ মুখত কম মেকআপ কৰিব লাগে। মেকআপ অবিহনে কেনেকৈ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰিব-

যদি আপুনি মুখত একো নকৰাকৈ ছালখন সুন্দৰ কৰিব বিচাৰে তেন্তে আপুনি যিমান পাৰে পানী খাব লাগে। শুকান ছালখন সুস্থ কৰি ৰাখিবলৈ নাৰিকল তেলেৰে মুখখন মালিচ কৰিব লাগে। মুখ ধোৱাৰ পিছত মইশ্ব’ৰাইজাৰ লগাব লাগে।

লগতে হালধিৰ পেষ্ট বনাই মুখত লগাব পাৰে। হালধি আৰু বেচন প্ৰয়োগ কৰিলে আপোনাৰ মুখৰ মলি বহু পৰিমাণে কমি যায়। ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে মুখৰ গ্লো বজাই ৰখাত বহুত সহায় কৰে। ইয়াৰ উপৰিও ই ছালৰ মৃত ছালৰ কোষবোৰ আঁতৰাই পেলোৱাৰ কাম কৰে। গাখীৰ বা ক্ৰীমৰ লগত হালধি মুখত লগাব পাৰি। এই পেষ্ট ব্যৱহাৰ কৰিলে মেকআপৰ প্ৰয়োজন নাথাকিব।

লগতে মুখত মৌ লগাব পাৰে। ছালখন উজ্জ্বল কৰি তোলাৰ বাবে ই অতি উপকাৰী। ছালৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাত ই অতি সহায়ক বুলিও প্ৰমাণিত হয়। মৌৰ দ্বাৰা ব্ৰণ বহু পৰিমাণে নিৰাময় কৰিব পাৰি।

মেক-আপ কৰিব লগা হ’লে ইমানেই কৰিব লাগে যাতে অত্যধিক দেখা নাযায়। আপোনাৰ বগা আৰু ক’লা দাগ আঁতৰোৱাতো বেকিং চ’ডাই অতি সহায় কৰে। ছালৰ পি এইচ স্তৰ বজাই ৰখাত ইহঁতে অতি সহায়ক বুলি প্ৰমাণিত হয়। এলোভেৰাও প্ৰয়োগ কৰিব পাৰে। চকুৰ তলত এলোভেৰা লগালে আপোনাৰ ক’লা বৃত্তবোৰ আঁতৰি যায়।

মুখখন সদায় ধুনীয়া কৰি ৰাখিবলৈ মুখত মইশ্ব’ৰাইজাৰ লগোৱাটো অতি প্ৰয়োজনীয়। ই ছালখনক ভিতৰৰ পৰা হাইড্ৰেটেড কৰি ৰখাত বহুত সহায় কৰে। মুখৰ পৰা মলি পৰিষ্কাৰ কৰিবলৈ ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে।

You May Also Like

More From Author