আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, নিৰ্ণয় হ’ব অসমৰ ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য

1 min read

আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ১০হাজাৰ ১টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। নিৰ্বাচন আয়োগে স্থাপন কৰিছে ৯২টা আদৰ্শ ভোটকেন্দ্ৰ। বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত হ’ব ১১টা ভোটকেন্দ্ৰ। মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ৭৫২টা ভোটকেন্দ্ৰ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিয়োগ কৰা হৈছে ৪০হাজাৰ ৪গৰাকী প’লিং-প্ৰিজাইডিং বিষয়া। ব্যৱহাৰ হ’ব ১০হাজাৰ ১টাকৈ VVPAT, বেলট ইউনিট, কণ্ট্ৰ’ল ইউনিট।

৫ সমষ্টিত মুঠ ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ সংখ্যা ৮৬ লাখ, ৪৭ হাজাৰ, ৮৬৯জন। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪২লাখ, ৮২ হাজাৰ ৮৮৭ জন। মহিলা ভোটাৰৰ সংখ্যা ৪৩ লাখ, ৬৪ হাজাৰ, ৮৫৯গৰাকী। তৃতীয় লিংগ ভোটাৰৰ সংখ্যা ১২৩গৰাকী। কাজিৰঙা লোকসমষ্টিত সৰ্বাধিক প্ৰতিদ্বন্দ্বিতা কৰিছে ১১গৰাকী প্ৰাৰ্থীয়ে। শোণিতপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৮গৰাকী প্ৰাৰ্থীয়ে। লখিমপুৰ সমষ্টিতত ৯গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৰহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৪গৰাকী প্ৰাৰ্থীয়ে। ডিব্ৰুগড় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৩গৰাকীয়ে। পুৱা ৭বজাৰ পৰা সন্ধিয়া ৫বজালৈ অনুষ্ঠিত হ’ব নিৰ্বাচন।

You May Also Like

More From Author