আপোনাৰ কিডনী ভালে ৰাখিবলৈ আজিৰে পৰাই কৰক এই কাম, অন্যথা বিপদ অনিবাৰ্য

1 min read

বৃক্কই মানুহৰ শৰীৰৰ তেজৰ পৰা আৱৰ্জনা আঁতৰাই শৰীৰক সুস্থ কৰি ৰাখে। আমাৰ দৈনন্দিন অনিয়ন্ত্ৰিত খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে আমি বৃক্কৰ সমস্যাত ভুগিবলগীয়া হয়। ইয়াত কেইটামান ঘৰুৱা উপায়, মনত ৰাখিলে বৃক্ক সুস্থ কৰি ৰাখিব পাৰি আৰু বিভিন্ন ৰোগৰ সম্ভাৱনা কম কৰিব পাৰি।

জানি লওক ঘৰুৱা উপায়সমূহ –
১) প্ৰচুৰ পৰিমাণে পানী খাব লাগে –
বৃক্ক সুস্থ কৰি ৰখাৰ এটা সহজ উপায় হ’ল প্ৰচুৰ পৰিমাণে পানী খোৱা।পানী খালে বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়।পানীয়ে আপোনাৰ শৰীৰৰ পৰা অতিৰিক্ত বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে যিটো বৃক্কৰ বাবে উপকাৰী।

২) স্বাস্থ্যকৰ খাদ্য –
বৃক্ক সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।দৈনিক তেল আৰু মছলাযুক্ত খাদ্য বৃক্ককে ধৰি শৰীৰৰ বাবে ক্ষতিকাৰক।অতিৰিক্ত নিমখ, চেনি, চৰ্বি থকা খাদ্যই বৃক্কৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।আনহাতে কল, কমলা, কচু আদি পটাছিয়ামযুক্ত খাদ্যই বৃক্ক সুস্থ কৰি ৰখাত সহায় কৰে।

৩) নিয়মিত ব্যায়াম –
নিয়মিত ব্যায়াম সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী আৰু বৃক্ক সুস্থ কৰি ৰখাত সহায় কৰে।নিয়মীয়া ব্যায়ামৰ ফলত ৰক্তচাপ কম হয়।গতিকে চিকিৎসকে নিয়মিতভাৱে ২০-৩০ মিনিট ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে।

৪) ধূমপান বন্ধ কৰক-
অত্যধিক ধূমপানে হাওঁফাওঁৰ লগতে বৃক্কৰো ক্ষতি কৰে। যদি আপুনি অত্যধিক মদ্যপান কৰে তেন্তে আজিয়েই বন্ধ কৰক যাতে আপোনাৰ বৃক্কৰ ৰোগৰ সম্ভাৱনা কম হয়।

৫) বিষৰ ঔষধ বা পেইন কিলাৰ কমকৈ খাব লাগে –
বিষৰ ঔষধ বা পেইন কিলাৰ অধিক মাত্ৰাত বা দীৰ্ঘ সময় ধৰি খালে বৃক্কৰ ক্ষতি হ’ব পাৰে।এই ঔষধবোৰ পৰিহাৰ কৰিবলৈ বা মাত্ৰা কম কৰিবলৈ চেষ্টা কৰক।

৬) তেজত শৰ্কৰাৰ মাত্ৰা কম কৰা –
উচ্চ ৰক্তচাপ, উচ্চ শৰ্কৰা বৃক্কৰ বাবে ভাল নহয়।গতিকে নিয়মিতভাৱে ডায়েবেটিছ পৰীক্ষা কৰাব লাগে। আৰু তেজত শৰ্কৰাৰ মাত্ৰা বজাই ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

You May Also Like

More From Author