কেৰালাত ৰাহুল গান্ধীক হুংকাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

1 min read

ৰাহুল গান্ধীৰ দুৰ্গত নিৰ্বাচনী ৰণডংকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে কেৰালাৰ ৱায়নাড়ত কে সুৰেন্দ্ৰনৰ হৈ প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই। ৰোড শ্ব’ত জনতাৰ সঁহাৰি দেখি অভিভূত ড০ শৰ্মা। এইবাৰ ৱায়নাড়ত মসৃণ নহয় ৰাহুল গান্ধীৰ জয়। কেৰালাৰ ৱায়নাড়ত এইবাৰ হ’ব ত্ৰিকোণীয় যুঁজ। ৰাহুল গান্ধীক সমালোচনাৰে থকাসৰকা মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰাহুল গান্ধীয়ে শুনি লওক মোদী প্ৰধানমন্ত্ৰী হ’বই। ৪০০ পাৰ কৰি প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী। UCC দেশত প্ৰযোজ্য হ’বই, বাল্য বিবাহ ৰোধ হ’ব।”

কেৰালাত ৰাহুল গান্ধীক হুংকাৰ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “অসমত মোৰ কাৰ্যকালত এতিয়াও ১২ হাজাৰক গ্ৰেপ্তাৰ কৰিছো। বাল্য বিবাহ কৰা বাবে ১২ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছোঁ। ৩ তালাক কেৱল নৰেন্দ্ৰ মোদীয়েহে বন্ধ কৰিব পাৰে। ৱায়নাড়ৰ পৰা সাংসদ হোৱা ৰাহুলৰ ঘৰ ৱায়নাড়ত আছেনে? ৫ বছৰত ডেৰ মাহ তেওঁৰ সমষ্টিত আছেনে? সমষ্টিবাসীয়ে ফোনত ৰাহুল গান্ধীক পায়নে? ৰাহুল গান্ধী ৱায়নাড় সমষ্টিত এজন পৰ্যটক মাত্ৰ। মুছলীম লীগৰ ধমকিত ৰাহুলে নিজৰ কংগ্ৰেছৰ পতাকা এৰিলে। মোদীক ধমকি দিবলৈ মুছলীম লীগৰ সাহস আছে নেকি? ৰাহুলে মুছলীম লীগৰ ধমকিত পাপ্পু গান্ধী হ’ব পাৰে। সংসদত ৫ বছৰত ৰাহুলে সমষ্টিবাসীৰ কথা কিবা ক’লেনে? ৱায়নাড়ত কিবা নতুন কাম বিগত ৫ বছৰত হ’লনে?”

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “বেংগলত কংগ্ৰেছ আৰু CPMৰ ইলু-ইলু সম্পৰ্ক আছে। কেৰালাত কংগ্ৰেছ আৰু CPMয়ে নাটক কৰে। কেৰালাক আগবঢ়াই নিবলৈ হ’লে বিজেপিত ভোট দিব লাগিব। কংগ্ৰেছ আৰু CPMৰ দিন আৰু দেশত নচলিব। কেৰালাত বিজেপিৰ চৰকাৰ বনাব লাগিব। অসমত ৩৬ শতাংশ মুছলমান আছে। দুবাৰকৈ আমি চৰকাৰ গঠন কৰিছে অসমত। ২০২৬ত ১২৬ৰ ভিতৰত ১০০ আসনেই দখল কৰি।”

You May Also Like

More From Author