গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত অঘটন! ৫ সমষ্টিৰ বিভিন্ন স্থানত বিকল EVM

1 min read

আজি দেশজুৰি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। দেশৰ ১৮সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিকত হৈ আছে। সমগ্ৰ দেশতে ১০২টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ২১ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছে নিৰ্বাচন। প্ৰথম পৰ্যায়ত নিৰ্বাচনত ১৬.৬৩ কোটিৰো অধিক ভোটাৰে নিৰ্ধাৰণ কৰিব ১৬২৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

অসমটো ৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। অসমৰ ৫ লোকসভা সমষ্টিত ৮৬ লাখ, ৪৭ হাজাৰ, ৮৬৯গৰাকী ভোটাৰে নিৰ্ণয় কৰিব অসমৰ ৫ সমষ্টিৰ ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

কিন্তু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আৰম্ভণিতে অথন্তৰ। ৰাজ্যৰ কেইবাঠাইতো ভোট গ্ৰহণৰ পূৰ্বে বিকল হৈ পৰিল EVM। হোজাই, শদিয়া, নাহৰকটীয়া, কলিয়াবৰৰ মিছা, নুমলীগড়, মৰিয়নী আৰু ডিব্ৰুগড়ৰ কেইবাঠাইত বিকল হ’ল EVM। বহু সময়লৈকে ৰৈ থাকিবলগীয়া হয় ভোটাৰ ৰাইজ। নুমলীগড়ৰ ধলাকছাৰী প্ৰাথমিক বিদ্যালয়ৰ ১৩১নং ভোটকেন্দ্ৰত বিকল EVM। প্ৰায় ১ ঘণ্টা সময় ধৰি বন্ধ হৈ আছে ভোট গ্ৰহণ।

You May Also Like

More From Author