পলাতক আৰক্ষী বিষয়াৰ ঘৰত CM ভিজিলেন্সৰ অভিযান, পলাতক আৰক্ষীক সম্পত্তিৰ পাহাৰ দেখি স্তম্ভিত তদন্তকাৰী বিষয়াও

1 min read

পলাতক ASI সন্তোষ চৌধুৰীৰ ঘৰত CM ভিজিলেন্সৰ অভিযান। আৰক্ষী বিষয়াগৰাকীৰ উত্তৰ গুৱাহাটীত থকা বাসগৃহত অভিযান চলি আছে। CM ভিজিলেন্সত 04/24 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে। ৫টা বেংক একাউণ্টত আঢ়ৈ কোটিৰো অধিক ধন আছে সন্তোষৰ বিৰুদ্ধে। কনিষ্টবলৰ পৰা ASIহৈ সন্তোষ চৌধুৰীয়ে নামে-বেনামে সম্পত্তি গঢ়াৰ তথ্য লাভ কৰিছে CM ভিজিলেন্সে।

অসম এৰি পলায়ন কৰাৰ সন্দেহ আৰক্ষী বিষয়া সন্তোষ চৌধুৰীৰ। ২০২২ বর্ষৰ জুলাই মাহৰ পৰা অন্তৰ্ধান ASI সন্তোষ কুমাৰ চৌধুৰী। 1st APTFৰ কৰ্মৰত আছিল ASI সন্তোষ কুমাৰ চৌধুৰী। পৰৱৰ্তী সময়ত গুৱাহাটীৰ শ্ৰীমন্তপুৰৰ দুৰ্নীতি নিবাৰকৰ কাৰ্যালয়ত নিযুক্ত হৈছিল পলাতক ASI সন্তোষ চৌধুৰী।

বিহাৰৰ বাসিন্দা সন্তোষ চৌধুৰীৰ বিশাল সম্পত্তি দেখি স্তম্ভিত হৈছে চিএম ভিজিলেন্স। গুৱাহাটী, উত্তৰ গুৱাহাটীত অবাধ সম্পত্তি আছে সন্তোষ চৌধুৰীৰ। এগৰাকী প্ৰাক্তন DGPৰ সৈতে ঘনিষ্ঠ আছিল পলাতক ASI সন্তোষ কুমাৰ চৌধুৰী। কৰ্মৰত অৱস্থাত বিভাগীয় তদন্তৰ সন্মুখীন হৈছিল আৰক্ষী বিষয়াজন। ২০২৩ত আজাৰা থানাতো পলাতক ASI সন্তোষৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। ইতিমধ্যে উচ্চ ন্যায়ালয়ে নাকচ কৰিছে পলাতক আৰক্ষী বিষয়াগৰাকীৰ জামিন।

You May Also Like

More From Author