বিহুৰ বতৰত গামোচাক অপমান মমতা বেনাৰ্জীৰ, অসমীয়াৰ স্বাভিমান গামোচা গ্ৰহণ নকৰিলে মমতাই

1 min read

ৰঙালী বিহুৰ বতৰতে অসমীয়াৰ স্বাভিমান গামোচাক অপমান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। আদৰণি জনোৱাৰ সময়ত যঁচা গামোচাও গ্ৰহণ নকৰিলে মমতা বেনাৰ্জীয়ে। আজি শিলচৰত দেখা গ’ল এই দৃশ্য। পশ্চিম বংগৰ এই আচৰণে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আজি দুপৰীয়া শিলচৰত উপস্থিত হয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু অসমলৈ আহি অসমৰ স্বাভিমান গামোচাক অপমান কৰিলে মমতাই।

শিলচৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু দলৰ নেত্ৰী সুস্মিতা দেৱে আদৰণী জনাইছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীক। মমতা বেনাৰ্জীক পিন্ধাব বিচাৰিছিল গামোচা। কিন্তু ৰিপুণ বৰা আৰু সুস্মিতা দেৱে পিন্ধাব খোজা গামোচা গ্ৰহণ নকৰিলে মমতা বেনাৰ্জীয়ে। মমতাই গ্ৰহণ নকৰা গামোচা হাতত লৈ পিছে পিছে বিমানবন্দৰৰ পৰা ওলাই আহে সুস্মিতা দেৱ।

মমতা বেনাৰ্জীৰ এই আচৰণক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। মমতা বেনাৰ্জীৰ এই কাৰ্যক গৰিহণা দি ক্ষমা খোজাৰ দাবী জনাইছে বিহু কৃষ্টি পৰিষদ, অসমে। ‘গামোচাক অপমান সহ্য কৰা নহ’ব’ বুলিও কয় বিহু কৃষ্টি পৰিষদৰ উপ-সভাপতি নৰহৰি চুতীয়াই। উল্লেখযোগ্য যে শিলচৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে আহিছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকী। দিনৰ ১ বজাত শিলচৰ টাউন ক্লাব খেলপথাৰত আছিল মমতাৰ জনসভা।

You May Also Like

More From Author