ভাতৃৰ সৈতে পত্নীৰ অবৈধ প্ৰেম! সন্দেহৰ বাবেই মঙলদৈত সংঘটিত হ’ল কল্পনা কৰিব নোৱাৰা ঘটনা

1 min read

মঙলদৈত অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি। মঙলদৈৰ ২নং ৱাৰ্ডত সংঘটিত হ’ল এচিড আক্ৰমণৰ ঘটনা। স্বামীয়ে কৰা এচিড আক্ৰমণত আহত হ’ল পত্নী আৰু ভাতৃ ৰফিকুল হুছেইন। দুয়োকে GMCHত ভৰ্তি কৰোৱা হৈছে।

এচিড আক্ৰমণ কৰিয়ে নিশাই মঙলদৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আখতাৰ হুছেইনে। বেগা নদীত এচিডৰ বটল বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান।

মঙলদৈ ২নং ৱাৰ্ডত দেওবাৰে নিশা সংঘটিত হয় এই এচিড আক্ৰমণৰ ঘটনা। স্বামী আখতাৰ হুছেইনে পত্নীক আৰু সতীয়া ভাতৃ ৰফিকুল হুছেইনক এচিডেৰে আক্ৰমণ কৰে।

পত্নী শুই থকা অৱস্থাতে আক্ৰমণ কৰাৰ বিপৰীতে ভাতৃক ফোন কৰি মতাই আনি ৰাজপথতে এচিডেৰে আক্ৰমণ কৰে।

এইক্ষেত্ৰত আৰক্ষীৰ ওচৰত স্পষ্টকৈ কোনো কথা কোৱা নাই যদিও পত্নী আৰু ভাতৃ ৰফিকুলৰ মাজত থকা অবৈধ সম্পৰ্কৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লগতে এচিড লৈ অনা বটলটো বেগা নদীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

You May Also Like

More From Author