ভাৰতলৈ আহিব ইলন মাস্ক! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাতৰ পিছতেই কৰিব নেকি বৃহৎ বিনিয়োগৰ ঘোষণা?

1 min read

Teslaৰ প্ৰতিষ্ঠাপক ইলন মাস্ক এই মাহত ভাৰতলৈ আহিব, ভাৰতলৈ আহিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ কথা আছে মাস্কে। এই ভ্ৰমণত মাস্কে ভাৰতত টেছলাৰ বৃহৎ বিনিয়োগ পৰিকল্পনাৰ কথা ঘোষণা কৰিব পাৰে। মাস্কে নিজেই X-হেণ্ডলত ভাৰতলৈ অহাৰ পৰিকল্পনা ঘোষণা কৰিছে। তাত তেওঁ লিখিছে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পাবলৈ আগ্ৰহী।’

উল্লেখযোগ্য যে, ইলন মাস্কে যোৱা বছৰ আমেৰিকা ভ্ৰমণৰ সময়ত নৰেন্দ্ৰ মোদীৰ সৈতে এক বৈঠকত মিলিত হৈছিল তেতিয়াই মাস্কে ২০২৪ চনত ভাৰতলৈ আহিব বুলি ঘোষণা কৰিছিল। সংবাদ সংস্থা ৰয়টাৰে পূৰ্বে দাবী কৰিছিল যে টেছলাৰ শীৰ্ষ কাৰ্যবাহীসকলে এই মাহত ভাৰতলৈ আহি তেওঁলোকৰ প্ৰস্তাৱিত কাৰখানাৰ বাবে স্থান নিৰ্ণয় কৰিব পাৰে। ৰয়টাৰৰ প্ৰতিবেদনত এই কাৰখানাটো নিৰ্মাণৰ বাবে প্ৰায় ২ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰা হ’ব বুলিও দাবী কৰা হৈছে।

ইয়াৰ পূৰ্বে মাস্কে কৈছিল যে টেছলাৰ বৈদ্যুতিক বাহন ভাৰতলৈ যোগান ধৰাটো কোম্পানীটোৰ পৰিকল্পনাৰ ভিতৰত আছিল। জানিব পৰা মতে, মাস্কৰ সৈতে টেছলাৰ শীৰ্ষ কাৰ্যবাহীসকলো ভাৰতলৈ আহিব। সূত্ৰ অনুসৰি অহা ২২ এপ্ৰিলত ভাৰতলৈ আহিব পাৰে মাস্ক।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে টেছলাৰ দৰে কোম্পানীক ভাৰতত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিবলৈ নতুন নীতি ঘোষণা কৰিছে। নীতি অনুসৰি ভাৰতত বৈদ্যুতিক গাড়ী নিৰ্মাণ কাৰখানা স্থাপনৰ বাবে ন্যূনতম ৫০ কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰা কোম্পানীসমূহক আমদানি শুল্কৰ পৰা ৰেহাই দিয়া হ’ব। ইয়াৰ উপৰিও ৩৫ হাজাৰ মাৰ্কিন ডলাৰৰ ওপৰৰ মূল্যৰ সীমিত সংখ্যক বৈদ্যুতিক বাহনৰ আমদানিৰ ওপৰত পাঁচ বছৰৰ বাবে মাত্ৰ ১৫ শতাংশ আমদানি শুল্ক আৰোপ কৰা হ’ব।
যোৱা বছৰ টেছলাই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমদানি শুল্ক আৰু কৰ ৰেহাইৰ বাবে আবেদন কৰিছিল। ২০২২ চনত মাস্কে নিজেই কয়, প্ৰথমে তেওঁ ভাৰতলৈ ৰপ্তানি কৰি টেছলা গাড়ী বিক্ৰী আৰু চাৰ্ভিচ কৰাৰ সুযোগ বিচাৰে কেৱল সেই ক্ষেত্ৰতহে মাস্কে এই কথাও নিৰ্ধাৰণ কৰিছিল যে টেছলাই ভাৰতত নিজাকৈ কাৰখানা নিৰ্মাণ কৰিব।

You May Also Like

More From Author