মহানগৰীৰ বৰঝাৰত বায়ুসেনাৰ বাহিনীৰ লোকে মহটিয়াই নিলে স্কুল বাছ, নিহত এজন, আহত ৮গৰাকীকৈ শিক্ষাৰ্থী

1 min read

মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বুল্লাত ভয়ংকৰ পথ দুৰ্ঘটনা। বায়ু সেনাত কৰ্মৰত লোকে মহটিয়াই নিলে শিক্ষাৰ্থী কঢ়িওৱা বাহনক। দুৰ্ঘটনাত থিতাতে নিহত স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা বাহনখনৰ চালক। আহত ৮জনৰো অধিক ছাত্ৰ ছাত্ৰী।

বঙৰাৰ পৰা বৰঝাৰ বিমানবন্দৰৰ সমীপত থকা ST. Cleart Schoolলৈ ৮জনৰো অধিক শিক্ষাৰ্থী কঢ়িয়াই নিজ লেনত গৈ আছিল। ঠিক তেনেতে বিপৰীতমুখী তীব্ৰ বেগেৰে অহা বায়ু সেনাত কৰ্মৰত লোকৰ বাহনে মহটিয়াই নিয়ে। দুৰ্ঘটনাৰ ফলত আহত হোৱা ৮জনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত হয়। আহত ৪ শিক্ষাৰ্থীৰ অৱস্থা অতি সংকটজনক। চুহানী (৬),চুজান আলী আহমেদ (১৪)। আদ্ৰেজা বেগম (১২),চাহিন আফ্ৰিন (৮) নামৰ শিক্ষাৰ্থী কেইজনৰ অৱস্থা অতি গুৰুতৰ। নিহত বাহন চালকৰ নাম ভাস্কৰ কুমাৰ।

দুৰ্ঘটনাত পতিত স্কুল বাহনৰ নম্বৰ AS-01-BB-2102 আৰু আনখন 23BH5027A। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বায়ু সেনা লোকজন। বিগত সময়চোৱাতো বায়ু সেনাৰ লোকে অঞ্চলটোত চলাই নানা ধৰণ উদ্ভণ্ডালি। ঘটনাস্থলী পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত বায়ু সেনা আৰক্ষীৰ বিষয়া।

You May Also Like

More From Author