লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই, কোন দলৰ পৰা নিৰ্বাচন খেলিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে?

1 min read

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে। ৰাইজৰ আহ্বানত নিৰ্বাচন খেলিব প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে। নিৰ্বাচনৰ ৰণত নমাৰ পূৰ্বে অসমবাসীৰ আশীৰ্বাদ বিচাৰিছে আনন্দ মিশ্ৰই।

সংবাদ মাধ্যমৰ আগত আনন্দ মিশ্ৰই কয়, ‘‘মোৰ হাতত বহুত টকা-পইচা নাই। ৪০-৫০খন গাড়ী লৈ ৰেলীও কৰিব নোৱাৰো। ৰাইজৰ আশীৰ্বাদ লাগিব।’’

উল্লেখযোগ্য যে আইপিএছ বিষয়াৰ লোভনীয় চাকৰিৰ পৰা অব্যাহতি লৈ জীৱনৰ নতুন পৰিকল্পনা আৰম্ভ কৰিছিল আনন্দ মিশ্ৰই। চৰ্চা চলিছিল যে চাকৰি বাদ দি ৰাজনীতিত প্ৰৱেশ কৰিব মিশ্ৰই। কিন্তু সেই সময়ত সেই কথা পোনপটীয়াকৈ স্বীকাৰ কৰা নাছিল আনন্দ মিশ্ৰই।

লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাতে চাকৰিৰ পৰা অব্যাহতি লৈছিল। অৱসৰৰ পিছত মানুহৰ হৈ ভাল কাম কৰাৰ কথা উল্লেখ কৰিছিল আনন্দ মিশ্ৰই। অসমবাসীৰ মৰম কেতিয়াও পাহৰিব নোৱাৰো বুলি অসমৰ পৰা বিদায় লৈ নিজৰ জন্মস্থান বিহাৰলৈ গুচি গৈছিল আনন্দ মিশ্ৰ।

You May Also Like

More From Author