সুৰাসক্ত স্কুল বাছ চালকৰ বাবে দুৰ্ঘটনাত ৮ ছাত্ৰী-ছাত্ৰীৰ মৃত্যু!

1 min read

হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ পিছতে কঠোৰ হৈছে প্ৰশাসন। হাৰিয়ানা চৰকাৰেও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়ে আটক কৰিছে বিদ্যালয়ৰ অধ্যক্ষ দীপ্তী ৰাওক। পোহৰলৈ আহিছে অধ্যক্ষ দীপ্তী ৰাৱৰ ভয়ংকৰ গাফিলতিৰ তথ্য। ৰাইজৰ অভিযোগ অনুসৰি সুৰাসক্ত আছিল বাছৰ চালকগৰাকী। মদ্যপান কৰা বাছ চালকজনক এখন গাঁৱৰ ৰাইজে আৱদ্ধ কৰি ৰাখিছিল। গাঁওবাসীয়ে চালকজনে মদ্যপান কৰি থকাৰ কথা অধ্যক্ষক অৱগত কৰিছিল। কিন্তু অধ্যক্ষই গাঁওবাসীক আশ্বাস দিয়ে যে আজি চালকজনক যাবলৈ দিয়ক, কাইলৈৰ পৰা তেওঁক চাকৰিৰ পৰা আঁতৰাই দিয়া হ’ব। মৃ্ত্যুদূতৰূপী বাছখনৰ চালকজনক সুৰাসক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে বিদ্যালয়ৰ অধ্যক্ষক আটক কৰিছে আৰক্ষীয়ে। তদন্তৰ খাতিৰত এতিয়াও মৌনতা অৱলম্বন কৰিছে আৰক্ষীয়ে। মহেন্দ্ৰগড়ৰ আৰক্ষী অধীক্ষক আৰ্শ ভাৰ্মাই জানিবলৈ দিয়া মতে বাছখনৰ চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰ্মাই কয়, ‘আমি চালকজনক গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁৰ স্বাস্থ্য পৰীক্ষা চলি আছে। তাৰ পিছতহে আমি নিশ্চিত কৰিব পাৰিম যে তেওঁ প্ৰকৃততে মদ্যপান কৰিছিল নে নাই। আহত শিশুকেইটাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কানিনাৰ ডি এছ পি মহিন্দৰ সিঙে কয়, ‘‘চালকজনে দ্ৰুত গতিত বাছখন চলাই আছিল, যাৰ বাবে চলন্ত বাহনখন বাগৰি পৰে।’’ ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক ভয়ংকৰ সত্যা। ঈদৰ দিনা বিদ্যালয়খন কিয় খোলা আছিল সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। দুৰ্ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাই আৰক্ষীয়ে।

তথ্য অনুসৰি বাছখনত ৩৫ৰ পৰা ৪০টা শিশু আছিল। উনহানীৰ সমীপত অভাৰটেক কৰি থকা অৱস্থাত হঠাতে স্কুল বাছখন বাগৰি পৰে। এই সময়ত এক বিকট শব্দ হয় আৰু বিস্ফোৰণ আৰু তাৰ পিছতে চিঞৰ-বাখৰ। এই দুৰ্ঘটনাত ৮ শিশুৰ মৃত্যু হোৱাৰ লগতে ২০ৰো অধিক শিশু গুৰুতৰভাৱে আহত হয়। আজি সকলো চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয়ত ঈদ উপলক্ষে বন্ধ আছে। তাৰ পিছতো বিদ্যালয়খন কিয় বন্ধ দিয়া নাছিল সেই সন্দৰ্ভ প্ৰশ্ন আৰক্ষীৰ।

বিদ্যালয়ৰ স্বীকৃতি বাতিল হোৱাৰ এতিয়া সম্ভাবনা আহিছে। জিলা উপায়ুক্ত মনিকা গুপ্তাই কয় যে ‘‘মৃত শিশুসকলৰ পৰিয়াললৈ সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হ’ব। এই দুৰ্ঘটনাত আহত হোৱা শিশুসকলক সৰ্বোত্তম চিকিৎসা প্ৰদান কৰা হৈছে। এই দুৰ্ঘটনাত আহত হোৱা সকলো শিশুৱে সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতি অহাটো আমাৰ সৰ্বোচ্চ প্ৰচেষ্টা। দোষীক একেবাৰেই ৰেহাই দিয়া নহ’ব।’’ তেওঁ কয় যে ‘‘আজি ঈদৰ চৰকাৰী বন্ধ আছিল যদিও তথাপিও ব্যক্তিগত বিদ্যালয়খনত পাঠদান চলি আছে। ইয়াৰ বাবেও প্ৰশাসনে উচ্চ বিষয়া আৰু চৰকাৰলৈ স্বীকৃতি বাতিল কৰাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।’’

মহেন্দ্ৰগড় স্কুল বাছ দুৰ্ঘটনাৰ ক্ষেত্ৰত পৰিবহণ মন্ত্ৰী অসীম গোৱালে সমগ্ৰ ৰাজ্যৰ স্কুল বাছৰ ফিটনেছ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে। জিলা শিক্ষা বিষয়াসকলক তেওঁলোকৰ ফিটনেছ পৰীক্ষা কৰিবলৈ এখন চাৰ্কুলাৰ জাৰি কৰা হ’ব। স্থানীয় ডিটিঅ’কো বিদ্যালয়খনৰ বিৰুদ্ধে FIR ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

You May Also Like

More From Author