বছৰৰ সকলো ঋতুতে সহজলব্ধ অমিতা আমি সকলোৱে চিনি পোৱা এবিধ সুস্বাদু ফল । পকিলে খাবলৈ মিঠা আৰু বৰ সোৱাদ হোৱাৰ লগতে কেচা অমিতা পাচলি হিচাবে নানা তৰহৰ ব্যঞ্জন বনাই খোৱা হয় ।
অন্যহাতে পকা অমিতাৰ জুচ, পুৰঠ আধাপকা অমিতাৰ চালাড, কেচা অমিতাৰ খাৰ খাবলৈ বৰ ৰুচিকৰ ।
অমিতাৰ পকাফল, কেচাফল, ফুল, পাত, বীজ,গাগছৰ বাকলি, গছ বা ফলৰ এঠা ( Latex ) , শিপা আদি সকলো অংশই আমাৰ দেহৰ নানাবিধ ৰোগৰ মহৌষধী হিচাবে ব্যৱহৃত হয় । সেয়ে সৰ্বগুণী তথা অমৃতসম মধু বা মৌজোলৰ লগত তুলনা কৰি অমিতাক মধুফল বা অমৃতা ( অঞ্চলভেদে মইধ্ফল /অৰ্মিতা) বুলিও কোৱা হয়। আয়ুৰ্বেদীয় নাম ,- অমৃততুম্বী, ইংৰাজীত – Papaya বৈজ্ঞানিক নাম – Carica papaya – হিন্দীত – পপীতা, বঙালীত- পেপে আৰু স্থানভেদে বিভিন্ন নামেৰে জনাজাত । আকাৰ আৰু জাত ভেদে প্ৰায় বাইশটামান প্ৰজাতিৰ অমিতা দেখা যায়। অসমকে ধৰি ভাৰতৰ সকলো ৰাজ্য তথা কাষৰীয়া দেশ সমূহত ইয়াৰ প্ৰচুৰ উৎপাদন হয় । অমিতাৰ ঔষধি গুণাগুণৰ বাবে পৃথিৱীৰ সকলো দেশতে সমাদৰ অধিক হোৱাৰ লগতে গৱেষক সকলে ইয়াৰ বিভিন্ন অংশৰ পৰা ঔষধ প্ৰস্তুত কৰি সুফল লাভ কৰিছে ।
#অমিতাৰ_পোষক_তত্ত্ব ——
অমিতাত দেহৰ উপযোগী প্ৰটিন, ভিটামিন এ, ভিটামিন বি গোট, ভিটামিন চি, ই, কে , ফাইবাৰ, আইৰন, পটেচিয়াম, মেগনেচিয়াম, কেলচিয়াম, ফচফৰাচ, ক’পাৰ,জিংক,চডিয়াম, এন্টিঅক্সিডেন্ট, ফাইটো নিউট্ৰিয়েন্ট, লাইকোপেন, কেৰ”টিন, বিটাকেৰ”টিন, পেপেইন এনজাইম, আলকালয়েড আদি নানাবিধ পুষ্টি আৰু পোষক তত্বৰে ভৰপূৰ ।
🔷 #গুণাগুণ_জানো_আহঁক—-
1. পকা অমিতা ৰোগী বা নিৰোগী সকলো বয়সৰ লোকৰ অতি পুষ্টি আৰু বল বৰ্ধক । নিয়মিত সঠিক মাত্ৰাত পকা বা কেচা অমিতা (তৰকাৰী) খালে দেহ সুস্থ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।
🔷 2. শৌচ খোলোচা নোহোৱা, সময়মতে বা দুইতিনি দিনলৈ শৌচ নোহোৱা বা কৌষ্ঠকাঠিন্য আদি লক্ষণ বহুতো ব্যক্তিৰ ক্ষেত্ৰতেই দেখা যায় । স্বভাৱগত ভাৱে এনে সমস্যাত ভুগা ব্যক্তিৰ দেহ মন সুস্থ নাথাকে আৰু বিভিন্ন ৰোগত ভুগিব পাৰে । অমিতাই পৰিপাক তথা হজমশক্তি বঢ়ায় , কৌষ্ঠকাঠিন্য দুৰ কৰি শৰীৰৰ অলাগতিয়াল পদাৰ্থ toxin. বাহিৰ কৰায় । পুৰঠ বা দোহোচীয়া অমিতা কেচাই খালে ভাল ফল দিয়ে।