মেষ ৰাশি :
আজিৰ দিনটো আপোনাৰ বাবে মধ্যম ফলদায়ক হ’ব। চাকৰিত পদোন্নতি হ’ব পাৰে। জ্যেষ্ঠজনৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাত মনত শান্তি পাব লগতে আত্মসন্মান বৃদ্ধি পাব। যাৰ ওপৰত আপোনাৰ ভৰসা নাই তেনেত লোকৰ আগত আপোনাৰ কোনো কথা কোৱাৰ পৰা আঁতৰত থাকক। আৰ্থিক অৱস্থা মজবুত কৰাৰ বাবে যি কামেই কৰিব, তাতেই সফলতা আহিব। আপুনি মাতৃৰ সৈতে মামাৰ ঘৰলৈ যাব পােৰ।
শুভ ৰং : সোণালী
শুভ সংখ্যা : ৮
বৃষ ৰাশি : আজি ঘৰুৱা সামগ্ৰী বৃদ্ধি হ’ব। ব্যৱসায় বা চাকৰি কৰা লোকসকলে কোনো অজ্ঞাত ভয়ৰ বাবে চিন্তিত হ’ব, যাৰ বাবে তেওঁলোকে ভুল সিদ্ধান্ত ল’ব পাৰে। মানসিক উত্তেজনা অধিক হ’ব আৰু আচৰণো কিছু খিংখিঙীয়া হ’ব। যাৰ ফলত পৰিয়ালৰ লোকসকলেও অস্বস্তি পাব। জীৱনসংগীও চিন্তিত হ’ব। বিদ্যাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে।
শুভ ৰং : সেউজীয়া
শুভ সংখ্যা : ১
মিথুন ৰাশি : আজি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠা বৃদ্ধি পাব, যাৰ বাবে আপুনি আনন্দ লাভ কৰিব। চৰকাৰী চাকৰি কৰা লোকসকলে আজি মহিলাৰসৈতে কথা পাতোতে সাৱধান হওক। অন্যথা বিবাদ সৃষ্টি হ’ব পাৰে। চৰকাৰৰ ফালৰ পৰা সহযোগ লাভ কৰিব, কিন্তু যদি আপোনাৰ কোনো চৰকাৰী কাম দীৰ্ঘদিন ধৰি আবদ্ধ হৈ আছে, আজি তাৰ ওপৰত গুৰুত্ব দিয়ক। যিসকল লোকে বাজিত টকা লগাই তেওঁলোকৰ বাবে আজিৰ দিনটো ভাল আৰু মুকলিভাৱে বিনিয়োগ কৰিব পাৰে।
শুভ ৰং : বেঙুনীয়া
শুভ সংখ্যা : ৫
কৰ্কট ৰাশি : আজিৰ দিনটোৱে আপোনাৰ বাবে লৈ আহিব সুখ। আপোনাৰ প্ৰসিদ্ধি আৰু বৈভৱ বৃদ্ধি হ’ব আৰু সামাজিক আৰু ধাৰ্মিক ক্ষেত্ৰত অংশগ্ৰহণ কৰিব, যাৰ দ্বাৰা আপোনাৰ প্ৰতিষ্ঠাও চাৰিওফালে বিয়পি পৰিব। কিন্তু কিছুমান প্ৰতিকূল খবৰ শুনাৰ পিছত হঠাৎ আপুনি ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। অংশীদাৰিত্বৰ ব্যৱসায়ৰ পৰা বিচৰা ধৰণে লাভ অৰ্জন কৰিব, যাৰ দ্বাৰা পৰিয়ালৰ আকাংক্ষা পূৰণ কৰাত সফল হ’ব।
শুভ ৰং : বেঙুনীয়া
শুভ সংখ্যা : ১২
সিংহ ৰাশি : আজি আপোনাৰ স্বাস্থ্য কিছু বেয়া হ’ব পাৰে, সেয়েহে সাৱধান হোৱা উচিত। পৰিয়ালত কোনো মাংগলিক কামৰ আলোচনা হ’ব পাৰে। আপুনি ঘৰত পূজা-পাঠ আদি কৰিব পাৰে। যদি আজি আপোনাৰ শহুৰৰ পক্ষৰ কোনো ব্যক্তিক লগ পালে বাৰ্তালাপ কৰাটো ভাল। বিদেশ যাত্ৰাৰ সুবিধা লাভ কৰিব পাৰে আজি। সন্তানৰ বিবাহত অহা সমস্যা দূৰ হ’ব, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ পৰা বিশ্বাসঘাতকতাৰ বাবে চিন্তিত হ’ব।
শুভ ৰং : গুলপীয়া
শুভ সংখ্যা : ৩
কন্যা ৰাশি : পাৰিবাৰিক জীৱন সুখময় হ’ব আৰু আপোনাৰ চাৰিওফালৰ পৰিৱেশো সুখজনক হ’ব। শিশুসকলক হাঁহি-ধেমালি কৰা দেখা যাব, যিটো দেখি আপোনাৰ সকলো চিন্তা দূৰ হ’ব। আপোনাৰ কোনো সমস্যাৰ সমাধান উলিয়াবৰ বাবে কোনো জ্যেষ্ঠ লোকৰ সৈতে আলোচনা কৰিব পাৰে। বিদ্যাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ বােব শিক্ষকৰ সৈতে আলোচনা কৰি সমাধান উলিয়াব লাগিব, তেতিয়া সফলতা লাভ কৰিব। যদি কাৰোবাৰ পৰা যদি ধাৰলৈ টকা লৈছিল আজি পৰিশোধ কৰিব পাৰিব।
শুভ ৰং : কমলা
শুভ সংখ্যা : ৭
তুলা ৰাশি : আজি সম্পৰ্ক মজবুত হ’ব। যদি কোনো বিবাদ দীৰ্ঘদিন ধৰি চলি আছে তেন্তে তাত সফলতা লাভ কৰিব আৰু পৰিয়ালৰ কোনো সদস্যৰ সহায়ত তাৰ অন্ত পৰিব পাৰে। সম্পত্তি সম্পৰ্কীয় কোনো চুক্তি চূড়ান্ত হ’ব পাৰে, কিন্তু কাৰোবাৰ কথা শুনি সেই কাম কৰা উচিত নহয়। আপোনাৰ নিজ বুদ্ধি আৰু বিবেকৰ সহায়ত সিদ্ধান্ত লওক। আজি ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্পৰ্কীয় সমস্যাত সহায়ৰ বাবে পৰিয়ালৰ কোনো সদস্যৰ পৰামৰ্শ ল’বলগীয়া হ’ব পাৰে।
শুভ ৰং : গ্ৰে
শুভ সংখ্যা : ৩
বৃশ্চিক ৰাশি : আজি দিনটো আপোনাৰ বাবে কিছু খেলিমেলিৰে ভৰা হ’ব, যাৰ বাবে চিন্তিত হ’ব আপুনি। কৰ্মক্ষেত্ৰতো আপোনাৰ শত্ৰুৱে আপোনাৰ কাম নষ্ট কৰাৰ চেষ্টা চলাব। সামাজিক ক্ষেত্ৰত কাম কৰা লোকসকলে আজি নিজৰ কথাৰ বাবে বন্ধুত্ব গঢ়িবলৈ সক্ষম হ’ব আৰু তেওঁলোকৰ কথাৰ বাবে সন্মানো লাভ কৰিব। জীৱনসংগী সৈতে শহুৰৰ ঘৰলৈ যাব পাৰে। সন্ধিয়া আপুনি জন্মদিন, বিয়া আদিত অংশগ্ৰহণ কৰিব পাৰে।
শুভ ৰং : ক’লা
শুভ সংখ্যা : ৪
ধনু ৰাশি : আজি ধন উপাৰ্জন কৰা দিন। অবিবাহিত লোকসকলৰ জীৱনলৈ আজি কোনো নতুন অতিথি আহিব পাৰে, যাৰ ফলত পৰিয়াল আনন্দিত হ’ব। যদি সন্তানৰ শিক্ষা সম্পৰ্কীয় কোনো যাত্ৰালৈ যাবলগীয়া আছে, সেয়া লাভদায়ক হ’ব। অংশীদাৰিত্বত চলি থকা ব্যৱসায়ত আজি আপুনি বিচৰা ধৰণে লাভ অর্জন কৰিব, কিন্তু সংগীৰ কোনো কথাত দুখ পাব পাৰে। পৰিয়ালৰ কণমানি শিশুৰ বাবে আজি কোনো উপহাৰ কিনিব পাৰে।
শুভ ৰং : হালধীয়া
শুভ সংখ্যা : ১১
মকৰ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যম ফলদায়ক হ’ব। আপুনি জীৱনসংগীৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব, কিন্তু উন্নত হ’ব স্বাস্থ্য। ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজ ব্যৱসায়ৰ বাবে কিছু টকা ধাৰলৈ ল’বলগীয়া হ’ব পাৰে, কিন্তু সহজতে টকা ধাৰলৈ পাব। সন্ধিয়া বন্ধুৰ সৈতে পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা উচিত হ’ব। চৰকাৰী চাকৰি কৰা লোকসকলে আজি কোনো ভাল খবৰ লাভ কৰিব পাৰে, যাৰ বাবে আনন্দিত হ’ব।
শুভ ৰং : নীলা
শুভ সংখ্যা : ৬
কুম্ভ ৰাশি : ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো সমস্যাৰে ভৰা হ’ব। কিয়নো কিছুমান শত্ৰুৱে আপোনাক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাব। যাৰ বাবে আপুনি চিন্তিত হ’বলগীয়া নাই, কাৰণ তেওঁলোকে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে। বিবাহযোগ্য লোকসকলে আজি সুন্দৰ সুবিধা পাব পাৰে। আপোনাৰ ৰৈ থকা কাম সম্পূৰ্ণ হোৱা বাবে আনন্দিত হ’ব। পিতৃ-মাতৃক তীৰ্থযাত্ৰালৈ লৈ যাব পাৰে। কিন্তু আপুনি কাৰোবাৰ সৈতে টকাৰ লেনদেন কৰিলে সন্তানৰ বেয়া ব্যৱহাৰৰ বাবে দুখ পাব।
শুভ ৰং : ৰঙা
শুভ সংখ্যা : ১৪
মীন ৰাশি : আজিৰ দিনটো পাৰিবাৰিক দায়িত্ব পূৰণৰ দিন। পিতৃ-মাতৃৰ সৈতে কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে, য’ত আপুনি সফলতা লাভ কৰিব। কিন্তু ভাতৃ-ভগ্নীৰ সৈতে চলি থকা দণ্ড সমাপ্ত কৰাৰ চেষ্টা কৰিব লাগিব। বিদ্যাৰ্থীসকলে বিদেশত পঢ়াৰ সুবিধা পাব পাৰে। ব্যৱসায় কৰা লোকসকলে আজি সৰু-সুৰা লাভৰ উৎস চিনি পাব লাগিব, তেতিয়াহে তাৰ পৰা লাভ অর্জন কৰিব। সন্ধিয়া বন্ধুৰ ঘৰলৈ যাব পাৰে।
শুভ ৰং : সেউজীয়া
শুভ সংখ্যা : ২