মৰাণৰ ১ নং ডোমৰ দলং গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। শুকুৰবাৰে নিশা বিহু চাই আহি ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীক। নিশা বিহু চাই আহি যুৱতীগৰাকীয়ে ঘৰৰ ভিতৰতে চৰম পথ লোৱা বুলি প্ৰাথমিক পৰ্যায়ত সন্দেহ কৰা হৈছে।
ঘটনা অনুসৰি, যুৱতীগৰাকী ঘৰলৈ অহাৰ পিছতে মাতৃ আৰু ভাতৃয়ে বিহুমেলাৰ পৰা আহি যুৱতীগৰাকীক সেই অৱস্থাত প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে হুৱা-দুৱা লাগে পৰিয়ালটোত। যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও প্ৰেমজনিত কাৰণতে চৰম পথ লোৱা বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে, যুৱতীগৰাকী স্নাতক মহলাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী আছিল।
মৰাণ আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে তদন্ত কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। যুৱতীগৰাকীয়ে সঁচাই চৰম সিদ্ধান্ত ল’লে নে ঘৰত কোনো নথকাৰ সুযোগতে কোনোবাই সুযোগ বুজি পৰিকল্পিতভাৱে যুৱতীগৰাকীক হত্যা কৰি চৰম পথ লোৱাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে স্পষ্ট হ’ব। আৰু যদি যুৱতীগৰাকীয়ে প্ৰকৃততে চৰম পথ ল’লে তেন্তে কিহৰ বাবে যুৱতীগৰাকীয়ে তেনে এক কঠোৰ সিদ্ধান্ত ল’ব লগা হ’ল বা কোনে, বা কেনে পৰিস্থিতিয়ে যুৱতীগৰাকীক সেই পথ ল’বলৈ বাধ্য কৰালে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।