বাৰত Late Night Party কৰি সুৰাৰ ৰাগিত মাতাল অভিনেত্ৰীৰ ভংয়কৰ কাণ্ড! Real Lifeত আৰক্ষীকে ৰাজপথত জ্বলাই দিয়াৰ অপচেষ্টা!

1 min read

তেওঁলোক দুয়োগৰাকীয়ে ধাৰাবাহিকৰ চিনাকি মুখ, কিন্তু Real Life কাণ্ডৰ কথা শুনিলে বকু কঁপি উঠিব আপোনাৰ। নিশা পেটত সুৰাটুপি পৰিলেই অসুৰ হৈ সুন্দৰী যুৱতী, পাহৰি যায় নিজকে। ধনীৰ দুলাল সুন্দৰী যুৱতীৰ পৰা বাছি আৰক্ষীয়েও। নিশা আৰক্ষী জোৱানক তেল ঢালি জ্বলাই দিয়াৰ চেষ্টা সুন্দৰী যুৱতীৰ নেতৃত্বত অসুৰৰ দলৰ। ৫ যুৱক-যুৱতীৰ নৃশংস কাণ্ডক লৈ তোলপাৰ ৰাজ্য।

মাজ নিশালৈ সুৰাৰ পাৰ্টি কৰি পুৱা লৈ হৈ পৰে দানৱ। ধনীৰ দুলালৰ ভয়ানক কাণ্ডক লৈ আজি তোলপাৰ সমগ্ৰ ৰাজ্য। সুৰাৰ পাৰ্টিত হঠাৎ সুৰা বিচাৰি আবিৰ্ভাৱ হোৱা এজন আৰক্ষীৰ লোকক প্ৰথমে নৃশংস আক্ৰমণ, তাৰ পিছত বশিষ্ঠত ঘটিল গাৰ নোম শিয়ঁৰি উঠা সেই ঘটনাটো। প্ৰচণ্ড চৰ, গোৰ, ঘোচাত শান্ত নাথাকি গুণ্ডাৰ দলটোৱে আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰীক তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা।

স্থান মহানগৰীৰ বশিষ্ঠৰ ইকো-বাৰ, চেটাৰ ডে’ নাইটত সুৰা, সুন্দৰী, পাৰ্টি আৰু দানৱীয়তা। বশিষ্ঠৰ ইকো-বাৰৰ বেটচেলাৰ পাৰ্টিৰ অন্তত নৃশংস কাণ্ড। বশিষ্ঠ চাৰিআলিৰ ইকো বাৰত পুৱতি নিশালৈ চলা বেটচেলাৰ পাৰ্টিত অনিমন্ত্ৰণ অতিথি ভূক্তভোগী আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰী। সুৰাসক্ত হৈ সুন্দৰী যুৱতীক অশালীন ব্যৱহাৰৰ অভিযোগ আৰক্ষী বসুমতাৰীৰ বিৰুদ্ধে, আৰু এই অভিযোগতে আৰক্ষী বিষয়াক গুৰুলাগুলকৈ প্ৰহাৰ কৰে দানৱৰ দলটোৱে।

ভয়ংকৰ ঘটনাৰ খবৰ পাইয়ে ঘটনাস্থলীত উপস্থিত হ’ল বশিষ্ঠ আৰক্ষী। উপস্থিত হোৱা দলটোকো আক্ৰমণ সুৰাৰ ৰাগিত মাতাল হোৱা যুৱক-যুৱতীৰ দলটোৰ। আক্ৰমণকাৰী দলটোৱে ফালি পেলাই আৰক্ষী ৰঞ্জন ৰয়ৰ খাকীপোছাক। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা এইগৰাকী বশিষ্ঠ থানাৰ আৰক্ষী ৰঞ্জন ৰয়কো আক্ৰমণ কৰে গুণ্ডাৰ দলটোৱে।

স্থানীয় এইখন বশিষ্ঠ আৰক্ষী থানাৰ জ্ঞাতাৰ্থে ওৰে নিশালৈ সুৰাৰ পাৰ্টি চলা এই বাৰখনত। আজিৰ কাণ্ডক লৈ এতিয়া হাহাকাৰ লাগিছে আৰক্ষী-প্ৰশাসন মহলত। বাৰৰ দুই গৰাকী বাউন্সৰ আৰু সুন্দৰী অভিনেত্ৰীৰ আৰক্ষীৰ আক্ৰমণৰ ঘটনাত অব্যাহত চাঞ্চল্য। সুন্দৰী লৈ ওৰে নিশা সুৰা পাৰ্টিত ডুব যোৱা এইটো দুৰ্বৃত্তৰ দলৰ গুণ্ডামি, আৰক্ষীক নৃশংস আক্ৰমণৰ ঘটনা, যুৱতীক অশ্লীল ব্যৱহাৰৰ অভিযোগ লৈ বশিষ্ঠ আৰক্ষী থানাত ৰুজু ২৬৭, ২৬৮, ২৬৯/২৪ নম্বৰৰ তিনিটা গোচৰ।

You May Also Like

More From Author