বিপদত জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়া! তামান্না ভাটিয়ালৈ জাৰি চমন চাইবাৰ চেলৰ

1 min read

গ্ৰেপ্তাৰ হ’ব নেকি বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়া? জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়া লৈ মহাৰাষ্ট্ৰ চাইবাৰ চেলে চমন জাৰি কৰিছে। সূত্ৰই দাবী কৰা অনুসৰি অভিনেত্ৰীগৰাকীক এক গোচৰৰ সন্দৰ্ভত জেৰাৰ বাবে মহাৰাষ্ট্ৰ চাইবাৰ চেলে চমন জাৰি কৰিছে। ২৯ এপ্ৰিলত অভিনেত্ৰীগৰাকীক সোধা-পোছাৰ বাবে চাইবাৰ চেলত হাজিৰ হ’বলৈ কোৱা হৈছে। এই গোচৰৰ সন্দৰ্ভত বলিউদৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তৰ নামো উত্থাপন হোৱা বুলিও জানিব পৰা গৈছে। চলিত সপ্তাহৰ আৰম্ভণিতে সঞ্জয় দত্তক সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ কোৱা হৈছিল। অৱশ্যে নিজৰ সূচীৰ বাবে হাজিৰ হ’ব নোৱাৰিলে অভিনেতাগৰাকীয়ে।

কিন্তু কিয় চমন জাৰি কৰা হৈছে সঞ্জয় দত্ত আৰু তামান্না ভাটিয়াক?
IPLৰ অবৈধ মেচ ষ্ট্ৰীমিং গোচৰত তমান্না ভাটিয়াৰ নাম পোহৰলৈ আহিছে। ফেয়াৰপ্লে এপত IPL ২০২৩ৰ অবৈধ ষ্ট্ৰীমিংৰ সৈতে জড়িত অভিনেতা তমন্নাহ ভাটিয়াক জেৰাৰ বাবে চমন কৰে মহাৰাষ্ট্ৰ চাইবাৰে চেলে। অবৈধ ষ্ট্ৰীমিঙৰ ফলত ভায়াকমৰ কোটি-কোটি টকাৰ লোকচান হৈছিল। ২৯ এপ্ৰিলত মহাৰাষ্ট্ৰ চাইবাৰৰ চেলত হাজিৰ হ’বলৈ কোৱা হৈছে।’এই কথা ANIএ ‘X’ মাধ্যমযোগে শ্বেয়াৰ কৰিছে।

‘অভিনেতা সঞ্জয় দত্তকো এই সন্দৰ্ভত ২৩ এপ্ৰিলত মাতি অনা হৈছিল যদিও তেওঁ তেওঁলোকৰ সন্মুখত হাজিৰ হোৱা নাছিল। তেওঁ ইয়াৰ পৰিৱৰ্তে নিজৰ বক্তব্য লিপিবদ্ধ কৰাৰ বাবে তাৰিখ আৰু সময় বিচাৰিছিল আৰু সেই তাৰিখত তেওঁ ভাৰতত নাছিল বুলি কৈছিল।’-তেওঁলোকে লগতে কয়। অভিযোগ অনুসৰি তামান্না ভাটিয়া আৰু সঞ্জয় দত্তয়ে ফেয়াৰপ্লেৰ সহযোগী এপ মহাদেৱ বেটিং এপৰ ​​প্ৰচাৰ আৰু সমৰ্থন কৰিছিল।

টাইমছ অৱ ইণ্ডিয়াৰ এক তথ্য অনুসৰি ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত VIACOM-18এ আই পি এলৰ মেচসমূহ ষ্ট্ৰীম কৰাৰ বাবে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (আই পি আৰ) তেওঁলোকৰ হাতত আছে বুলি অভিযোগ কৰাৰ পিছত এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ পিছতো বেটিং এপ ফেয়াৰ প্লে প্লেটফৰ্মে তেওঁলোকৰ প্লেটফৰ্মত অবৈধভাৱে মেচসমূহ ষ্ট্ৰীমিং কৰি আছিল। ইয়াৰ ফলত VIACOM-18ৰ ১০০ কোটিৰো অধিক লোকচান হয়। এজাহাৰৰ পিছতে বাদশ্বাহ, সঞ্জয় দত্ত, জেকলিন ফাৰ্নাণ্ডেজ আৰু তামান্নাকে ধৰি কেইবাগৰাকীও তাৰকাক সোধা-পোছাৰ বাবে মাতি অনা হয়। উল্লেখ্য যে ২০২৩ চনৰ ডিচেম্বৰ মাহত বেটিং এপৰ ​​এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

SOURCE: NEWS18

You May Also Like

More From Author