ভয়ংকৰ! অভাৰটেক কৰিবলৈ গৈ বাছ আৰু ট্ৰাকৰ প্ৰচণ্ড সংঘৰ্ষ, ছিটত ওলমি ৰ’ল মৃতদেহ, ৮ জনৰ থিতাতে মৃত্যু, কেইবাজনো আহত

1 min read

দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উন্নাও-হৰদয় পথত এখন তীব্ৰবেগী ট্ৰাক আৰু এখন বাছৰ মাজত হয় সংঘৰ্ষ। মুখামুখি সংঘৰ্ষত বাছখনৰ সোঁফালটো টুকুৰা-টুকুৰ হৈ পৰে। অভাৰটেক কৰিবলৈ যাওতে ট্ৰাকখনে বাছখনক খুন্দা মাৰে। এই দুৰ্ঘটনাত ৮ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১৯ জন যাত্ৰী আহত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দেখিলে আপোনাৰো অন্তৰাত্মা কঁপি উঠিব।

দুৰ্ঘটনাটোৰ পিছত যাত্ৰীৰ চিঞৰ শুনি স্থানীয় লোক দৌৰি গৈ ভয়ংকৰ দৃশ্যটো দেখি স্তম্ভিত হৈ পৰে। বাছৰ চিটত ওলমি থকা মৃতদেহ আৰু যাত্ৰীক দেখি শিহৰিত হৈ পৰে প্ৰত্যক্ষদৰ্শী। দাগমাৰ বাছখনত ৩০ জনতকৈ অধিক যাত্ৰী আছিল। পথচাৰীৰ সহায়ত আৰক্ষীয়ে আহত আৰু মৃতকসকলক উদ্ধাৰ কৰে। দুৰ্ঘটনাত ৪ জন পুৰুষ আৰু ২ গৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। ২ জন মৃত্যুমুখত পৰাকে ধৰি ৯ জন গুৰুতৰভাৱে আহতক কানপুৰৰ হেলেট হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চিকিৎসাৰ সময়ত আৰু দুজন আহত লোকৰ মৃত্যু। মৃত্যুৰ সংখ্যা ৮ জনলৈ বৃদ্ধি। দুৰ্ঘটনাৰ খবৰ পাই মৃতকৰ আত্মীয়ৰ মাজত হুলস্থুলৰ সৃষ্টি হৈছে। আনহাতে আন ১০ জন আহত উন্নাও জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী অধীক্ষক উন্নাও এছ এছ মীনা, এছ ডি এম আৰু অন্যান্য বিষয়াই স্থানত উপস্থিত হৈ তদন্ত চলায়। ডি এম গৌৰাং ৰাথীয়ে জিলা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰে। দৰাচলতে দেওবাৰে বিয়লি প্ৰায় ৩ বজাত উন্নাও-হৰদয় পথৰ ছফিপুৰ কোতৱালি অঞ্চলৰ জামালুদ্দিনপুৰ গাঁৱৰ সন্মুখত এখন তীব্ৰবেগী ট্ৰাক আৰু দগ্গামাৰ বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয়। উন্নাওৰ পৰা ছাফিপুৰলৈ যাত্ৰীসহ দগ্গামাৰ বাছখন আহি আছিল আৰু তীব্ৰবেগী ট্ৰাকখন বংগৰমৌৰ পৰা উন্নাও অভিমুখে আহিছিল। বাছখনত ৩০ জনতকৈ অধিক যাত্ৰী আছিল। মুখামুখি সংঘৰ্ষত বাছখনৰ সোঁফালটো উৰুৱাই টুকুৰা-টুকুৰ হৈ পৰে। যাত্ৰীসকলৰ প্ৰচণ্ড শব্দ আৰু চিঞৰ-বাখৰ শুনি যেতিয়া গাঁৱৰ ৰাইজে দৌৰিছিল, তেতিয়া ভয়ংকৰ দৃশ্যটো দেখি তেওঁলোক স্তম্ভিত হৈ পৰিছিল।

You May Also Like

More From Author