নগাঁৱৰ মাজ জামুগুৰি আৰু বটদ্ৰৱাত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত ৰঙালী উৎসৱ উদযাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:– “জাতীয় উৎসৱ বিহুৰ জৰিয়তে কেৱল আনন্দ উল্লাস আৰু সমাজ জীৱনৰ ঐক্য- সংহতিৰ মূৰ্ত প্ৰকাশ ঘটাই নহয়,সৰ্বাত্মক ৰূপত জাতিটোক সমৃদ্ধ কৰা সকলো উপাদান আৰু সৃষ্টি সম্ভাৰ বিহুৰ বুকুতে সংপৃক্ত হৈ থাকে ।”—এই মন্তব্য জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাৰ। ৰবিবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মাজ জামুগুৰিৰ মহিলা সমাজ আৰু যুৱক বৃন্দৰ উদ্যোগত নিশা অনুষ্ঠিত বিহু উৎসৱ আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰি এই মন্তব্য আগবঢ়াই সাংবাদিক গৰাকীয়ে। সাংবাদিক হাজৰিকাই ভাষণ প্ৰসংগত আৰু কয় যে লোক-উৎসৱ বিহুৱে গ্ৰাম্য জীৱনৰ সাংস্কৃতিক ৰূপটো দাঙি ধৰে আৰু অসমীয়াই বিহুৰ মাজতে বিচাৰি পাই নিজৰ অস্তিত্ব। তেওঁ আৰু কয় যে বিহু উৎসৱৰ মাজত লুকাই থকা লোক- সংস্কৃতিৰ সুৱাসে বিহুক প্ৰতিভাত কৰিছে অসমীয়াৰ সাংস্কৃতিক জীৱনৰ জীৱনীশক্তি হিচাপে । উল্লেখ্য যে মাজ জামুগুৰিৰ মহিলা সকলৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলস্বৰূপে ৰূপায়িত হোৱা এই সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথে । মঞ্চ উদ্বোধনৰ পিছতে মধ্য অসমৰ প্ৰখ্যাত বিহুদলে বিহুৰ হুঁচৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক-নৃত্য প্ৰদৰ্শন কৰে । সাংবাদিক প্ৰাঞ্জলী বৰদলৈ আৰু বেবেজীয়া আৰ্য জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী মঞ্জুৰাণী ভৰালীয়ে আঁতধৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত প্ৰথমে স্থানীয় মহিলা সকলে জেং বিহু প্ৰদৰ্শন কৰে । তাৰ পিছতে সাতসৰী বিহুৱা দল,বৰ্ণিল বিহুৱা দল,নীহাৰিকা বিহুৱা দল,মৰিগাঁও টঙালি বিহুৱা দল, বঢ়মপুৰ আঞ্চলিক মিলিজুলি বিহুৱা দল,পুৰণিগুদাম ৰিমেক্স সাংস্কৃতিক দল,মৌ-পিয়া বিহুৱা দল,নগাঁও বিহুৱা দল,পিংকী ঘোষৰ বিহু নৃত্য প্ৰদৰ্শনৰ লগতে গৌৰাংগ ৰাগ আৰু অপৰ্ণা ৰাণীৰ “গীতৰ শৰাই” অনুষ্ঠিত হয় । উল্লেখযোগ্য যে অনুষ্ঠানত শিশু সকলৰ দ্বাৰা আধুনিক নৃত্যও প্ৰদৰ্শিত হয় । প্ৰতিকূল বতৰকো নেওচি নিশাৰ সাংস্কৃতিক কাৰ্যসূচীত দৰ্শক ৰাইজে মোহাচ্ছন্ন হৈ অনুষ্ঠান উপভোগ কৰে ।

বিশেষকৈ মহিলা সকলৰ দ্বাৰা হুঁচৰি পৰিৱেশন কৰি সংগ্ৰহ কৰা ধনেৰে আয়োজন কৰা আৰু যুৱকসকলৰ বিশেষ সহযোগিতাত আয়োজিত অনুষ্ঠানটিত অঞ্চলৰ ৰাইজৰ সহযোগ আছিল মনকৰিবলগীয়া । ইপিনে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ সহযোগত ৰবিবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী উৎসৱ আয়োজন কৰা হয়। ঐতিহ্যমণ্ডিত শান্তিজানৰ পাৰত অৱস্থিত বটদ্ৰৱা সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাই। বন্তি প্ৰজ্বলন কৰে দীপেন বৰুৱাই। বিয়লি ২ বজাত ছবি অঁকা,৩ বজাত ভেশছন আৰু বিয়লি ৪ বজাত সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনি উদ্বোধন কৰে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই । সাদিন-প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা আকৰ্ষণীয় ডিজিটেল কুইজ প্ৰতিযোগিতাৰ পাছত সন্ধিয়া ৬ বজাত আৰম্ভ হয় সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা। প্ৰতিযোগিতাখনি উদ্বোধন কৰে সৰ্বভাৰতীয় কথা বঁটাৰে সন্মানিত গল্পকাৰ শিৱানন্দ কাকতিয়ে।উদযাপন সমিতিৰ হৈ কাৰ্যকৰী সভাপতি জোনমণি ভূঞাঁ আৰু সম্পাদক সুনীল বৰুৱাই আঁত ধৰা সমগ্ৰ কাৰ্যসূচীত তুৱাৰাম বৰুৱা,মীনা বৰুৱা,ৰাতুল বৰা,চম্পা কলিতা, হিমেশ্বৰ দাস,দীপক কৰ,দিলীপ গোস্বামী,পংকজ কলিতা,প্ৰণৱ জ্যোতি কলিতা,কমল শইকীয়া,দীপমনি বৰুৱা, অনিল কলিতা,অচ্যুত কলিতাকে আদি কৰি বটদ্ৰৱা অঞ্চলৰ সহস্ৰাধিক লোক উপস্থিত থাকে ।ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author