“গান্ধাৰ”ৰ উদ্যোগত আয়োজিত সদৌ অসম বিহু আখৰা–২০২৪ৰ সামৰণি

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:– ঢোল, পেপা-গগণাৰ মাতত উদুলি-মুদুলি নগাঁও জিলাৰ উৰিয়াগাঁৱৰ ঐতিহাসিক খেলপথাৰ । নগাঁৱৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান “গান্ধাৰ”ৰ উদ্যোগত যোৱা ২ এপ্ৰিলৰ পৰা ১২এপ্ৰিললৈ উৰিয়াগাঁৱত “সদৌ অসম বিহুৰ আখৰা–২০২৪”ৰ আয়োজন কৰা হৈছিল। উৰিয়াগাঁও ৰাজহুৱা খেলপথাৰত লোকশিল্পী প্ৰয়াত বিষ্ণুৰাম মেধিৰ সোঁৱৰণত উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ১১ দিনীয়া বিহু নাচ,জেং বিহু,বিহু নাম,ঢোল আৰু পেপাঁবাদনৰ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাত শিল্পী ক্ৰমে বোকাখাতৰ ৰিমঝিম গগৈ,নগাঁৱৰ ইন্দিৰা দেউৰী,পদুম প্ৰসাদ শইকীয়া, চন্দ্ৰ শইকীয়া আৰু শংকৰ দাসে প্ৰশিক্ষণ প্ৰদান কৰে ।

কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে ৰবিবাৰে সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় সামৰণি অনুষ্ঠানৰ । সামৰণি অনুষ্ঠানৰ মুকলি বিহুত পাঁচশ বিহুৱতীৰ বিহু নাচ প্রদর্শন,বিভিন্ন জনগোষ্ঠীয় নৃত্যানুষ্ঠান, আমন্ত্ৰিত বিহু দলৰ বিহু নৃত্য প্ৰদৰ্শন তথা কেইবাগৰাকী শিল্পীক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানতে ঢোলৰ ওজা সোমনাথ বড়ালৈ “ধনকলিয়া” অভিধা আৰু বিশিষ্টা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ “অভিনয় চন্দ্ৰমা” অভিধা প্ৰদান কৰা হয় । ইপিনে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিমা দাসৰ মাতৃ জোনালী দাস আৰু তেজপুৰৰ ৰুবী বৰদলৈক “গান্ধাৰ আদৰ্শ মাতৃ বঁটা”ৰ উপৰিও কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, উপাসক হিৰু প্ৰসাদ মহন্তক “শিল্প প্ৰাজ্ঞ বঁটা–২০২৪” প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰস্তুতি পৰাশৰ,সোমনাথ বড়াৰ লগতে ডাঃ অৰূপ জ্যোতি মহন্ত,দীপক বৰা, সুৰেশ বৰা,হীৰু মহন্ত,নিকুমণি মহন্ত আদি উপস্থিত থাকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author