হঠাৎ গুৱাহাটীৰ পৰা অন্তৰ্ধান যাত্ৰীবাহী বাছ, বাছৰ বাবে ৰৈ ৰৈ বোন্দাপৰ মহানাগৰিকৰ

1 min read

গুৱাহাটীৰ পৰা হঠাৎ অন্তৰ্ধান যাত্ৰীবাহী বাছ। বাছ ৰৈ ৰৈ যাত্ৰীৰ বাছ আস্থানতে বোন্দাপৰ দি আছে। গন্তব্য স্থানলৈ বুলি ওলোৱা যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ৰাজপথৰ পৰা হঠাৎ নাইকিয়া হৈ থাকিল চিটি বাছ। কি জিএছ ৰোড, কি লেম্ব ৰোড, জু ৰোডতো একেই অৱস্থা। বাছ ষ্টপতে এনেদৰে বাছৰ বাবেই ৰৈ ৰৈ হাবাথুৰি খাবলগীয়া পৰিস্থিতি যাত্ৰীৰ।

লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটীত যাত্ৰীৰ দুৰ্ভোগ ভূগিছে ৰাইজে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰায় ২০০ বাছ অধিগ্ৰহণ। ৰাজ্যত দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ গৰম বতাহ। শুকুৰবাৰে অনুষ্ঠিত হ’ব ৫ টাকৈ সমষ্টিত ভোটগ্ৰহণ। তেনে সময়তে এই পৰিৱেশ এইখন গুৱাহাটী মহানগৰীত। দুই-এখন বাছ চলিছে যদিও তাতেই উবুৰি খাই পৰিছে যাত্ৰী। এখন বাছ গৈছে, দ্বিতীয়খন অহালৈ আস্থানতে সময় গণিছে সৰ্বসাধাৰণে।

আগন্তুক দুটা দিনলৈ গুৱাহাটীত বাছৰ বাবে জনতাই কৰিব হাহাকাৰ। প্ৰথম গ’ল, যাব দ্বিতীয় পৰ্যায় নিৰ্বাচন। পুনৰ নামনি অসমৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত পুনৰ একেই পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব ৰাইজে।

You May Also Like

More From Author