ছয়গাঁওৰ জাহিৰপুৰত ঘৰত জুই লাগি একেলগে প্ৰাণ গ’ল দুই ভাতৃৰ

1 min read

পলাশবাৰী, ৩০ এপ্ৰিল:আজি পুৱতিনিশা ২ বজাত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ জুইত জ্বলি মৃত্যু হোৱা যুৱক দুজন সাজন আলী ২০ আনজন সমেজ আলী ২২ ৷ জানিব পৰা মতে, গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ আঞ্জুৱাৰা বেগম ৷ বৈদ্যুতিত শ্বৰ্ট-চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ৷
অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই ৷ ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুই যুৱকৰ মৃতদেহ ৷ মৃত যুৱক দুজনৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে গৰৈমাৰী আৰক্ষীয়ে ৷ আহত আঞ্জুৱাৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷
উল্লেখ্য যে, অতি দৰিদ্ৰ বাহাদুৰ আলীৰ মাত্ৰ এটাই চৰকাৰী ঘৰ আছিল ৷ এটা ঘৰতে বসবাস কৰিছিল চাৰিজনীয়া পৰিয়ালটো ৷ মৃত যুৱক দুজন আছিল মুকবধিৰ (কথা কব নোৱাৰা) । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

অভিজিত কলিতা, গুৱাহাটী

You May Also Like

More From Author