নগাঁও লোকসভা সমষ্টিত দুই-এটা বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ভোটাৰ ৰাইজৰ ব্যাপক উৎসাহজনক সহাঁৰিয়ে ৯নং নগাঁও লোকসভা সমষ্টিত শুকুৰবাৰে দুই-এটা বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়। সংসদীয় সমষ্টিটোত পুৱাৰে পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ৰাইজ হিলদ’ল ভাঙি ওলাই অহাৰ লগতে নৱ প্ৰজন্মৰ ভোটাৰৰ উৎসাহ আছিল লক্ষণীয়। আনকি ৯০বছৰ উৰ্দ্ধৰ বৃদ্ধ-বৃদ্ধায়েও নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই আহে। ভোটদানৰ বাবে নিৰ্বাচনী আয়োগে বিশেষভাৱে সক্ষম লোকৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰিপ্ৰেক্ষিত সংসদীয় সমষ্টিটোত বহু বিশেষভাৱে সক্ষম লোকেও ভোটদান কৰাৰ সুযোগ লাভ কৰে। ১০০শতাংশ ভোট দান সফল কৰাৰ লক্ষ্যৰে বিশেষভাৱে সক্ষম লোকৰ বাবে সংসদীয় সমষ্টিটোত অংগনবাদী কৰ্মী আৰু সহায়িকাক নিয়োজিত কৰাৰ লগতে গাড়ীৰ ব্যৱস্থা কৰাত সাংসদীয় সমষ্টিটোত গৰিষ্ঠ সংখ্যক বিশেষভাৱে সক্ষম লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজৰ পাৰ পোৱা উৎসাহে স্বাভাৱিকতেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ বাবে এক ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে। বিশেষকৈ নৰূপত গঠিত সংসদীয় সমষ্টিৰ অন্তৰ্গত ৮টা বিধানসভা সমষ্টি ক্ৰমে নগাঁও-বটদ্ৰৱা,ধিং,ৰূপহীহাট,ৰহা, চামগুৰি,লাহৰীঘাট,জাগীৰোড আৰু মৰিগাঁৱত প্ৰায় শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হৈ যায়। সংসদীয় সমষ্টিটোৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ পুৱাৰে পৰা ভোটদাতা ৰাইজৰ সোঁত ব’বলৈ ধৰে। বিশেষকৈ জিলাখনৰ ধৰ্মীয় সংখ্যালঘূ অধ্যূষিত অঞ্চলসমূহৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহত পুৱা ৭বজাৰ পৰাই পুৰুষ-মহিলা শ শ ভোটাৰে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয়। সন্ধিয়া ৫বজা পৰ্যন্ত নগাঁও জিলাত ভোটদানৰ হাৰ আছিল ৭১.১৪শতাংশ। যিহেতু ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোট দিবলৈ অহা ভোটাৰে এতিয়াও ভোটগ্ৰহণ কেন্দ্ৰ সমূহত এতিয়াও প্ৰচণ্ড ভিৰ পৰিলক্ষিত হোৱাত জিলাখনত ভোটদানৰ হাৰ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইপিনে,ই ভি এম বিজুতিৰ বাবে নগাঁও চহৰৰ ১৯৮নম্বৰ পানীগাঁও-ছয়আলী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় এঘন্টা সময় পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয় । ঠিক একেদৰে, চামগুৰি ৯৭নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰ, হাতীচোং মজলীয়া বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰ,ৰাইদঙীয়া এল পি স্কুল, ভোমোৰাগুৰী এল পি স্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰ আৰু বটদ্ৰৱাৰ ২০৫নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিজুতিৰ বাবে কিছু সময় পলমকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। নগাঁও জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে শুক্ৰবাৰে সন্ধিয়া ৫বজা পৰ্যন্ত নগাঁও নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিত ভোটদানৰ হাৰ এনেধৰণৰ—নগাঁও-বটদ্ৰৱা সমষ্টিত ৭০.১০ শতাংশ,ৰহা(অনুসূচিত জাতি)ত ৭১.২০ শতাংশ,ধিং বিধানসভা সমষ্টিত ৭২.৩০ শতাংশ,ৰূপহীহাট সমষ্টিত ৭১.৬০ শতাংশ আৰু চামগুৰি সমষ্টিত ৭১.৪০ শতাংশ। উল্লেখ্য যে,পুৱাতে নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাই উৰিয়াগাঁও মজলীয়া বালিকা বিদ্যালয়ৰ ৭৭নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজা ভোটাধিকাৰ সাব্যস্ত কৰে। আনহাতে,ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মৰিকলং উচ্চ মাধ্যমিক বিদ্যালয়(উত্তৰ খণ্ড)ৰ ৫৮নম্বৰ কেন্দ্ৰত আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে পৰমাইভেটি এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজা নিজা ভোটাধিকাৰ সাব্যস্ত কৰে। আনহাতে,নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কিৰণবালা বালিকা বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰু চামগুৰি সমষ্টিটিৰ বিধায়ক তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে চামগুৰিৰ ১৬৫নম্বৰ কৰৈগুৰী মজলীয়া বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। স্মৰ্তব্য যে,এইবাৰৰ লোকসভা নিৰ্বাচনত ৯নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল হৈছে বিজেপিৰ সুৰেশ বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ,এ আই ইউ ডি এফৰ আমিনুল ইছলাম,জয় প্ৰকাশ জনতা দলৰ অনুপম বৰুৱা,অসম জন মৰ্চাৰ ছাইফুল ইছলাম চৌধুৰী,ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ ৰাব্বুল হক,ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী,নিৰ্দলীয়ৰ ইউচুফ মহম্মদ ৰাইহান চৌধুৰী,আবু শ্বামা,নিখিল ডেকাৰজা,চামচুল আলম,বিপদ ভঞ্জন চৰকাৰ আৰু শিখা শৰ্মা ।


ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author