গুৱাহাটীত উপস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেৰ

0 min read

দেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে অসমৰ চাৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰাভিযানৰ বাবে শনিবাৰে দুপৰীয়া গুৱাহাটীত আহি উপস্থিত হয় অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খার্গে ৷

দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা কংগ্ৰেছ সভাপতি গৰাকীক বৰঝাৰ বিমানকোঠত উস্ম আদৰণি জনায় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিং আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাই ৷

আনহাতে, বিমানকোঠৰ পৰা পোনে পোনে কংগ্ৰেছ সভাপতি গৰাকী উপস্থিত হয় বৰঝাৰৰ বিমানকোঠৰ সমীপস্থ হোটেল কিৰণশ্ৰীত ৷ ইয়াতে আয়োজিত এক সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷

দেশৰ গণতন্ত্র আৰু সংবিধান ৰক্ষাৰ বাবে কংগ্ৰেছে অহৰহ যুঁজ অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি কয় কংগ্ৰেছে ইতিমধ্যে মুকলি কৰা নিৰ্বাচনী ইস্তাহাৰত পাঁচটা ন্যায় প্রদানৰ প্রতিশ্রুতি দিয়াৰ সমান্তৰালভাৱে জনতাক দিছে ২৫টা গেৰাণ্টি ৷ কংগ্ৰেছ দলে দলীয় ইস্তাহাৰত উল্লেখ কৰা প্রতিশ্রুতি আৰু গেৰাণ্টি আখৰে আখৰে ৰূপায়ণ কৰিব ৷

আনহাতে সংবাদমেলত খাৰ্গেয়ে প্রধানমন্ত্রী মোদীক তীব্ৰ সমালোচনা কৰি কয় যে, যোৱা দহটাবৰ্ষত দেশৰ শাসনত থকা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী ইতিপূৰ্বে তেওঁলোকে জনতাক দিয়া সকলো প্রতিশ্রুতি পালনত সম্পূৰ্ণৰূপে ব্যর্থ হৈছে।

এনেক্ষেত্ৰত আগন্তুক দিনত কংগ্রেছ দলে বিজেপিৰ নেতৃত্বাধীন এনডিএ চৰকাৰ খনে ইতিমধ্যে বিধ্বস্ত কৰা মুদ্রাস্ফিতী নিয়ন্ত্রণ, নিবনুৱা সমস্যা আৰু উন্নয়নৰ হকে মাৰাথন গতিৰে কাম কৰি যাব ৷ বিজেপিয়ে বৃহৎ পুঁজিপতিক বৰপিৰা পাতি দি ধৰ্মীয় মেৰুকৰণৰে দেশবাসীক ভাগ ভাগ কৰি এক কুটিল ৰাজনীতিৰ আশ্ৰয় লৈ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ উঠিপৰি লাগিছে ৷ তেওঁলোকে লোকসভাৰ আসনৰ ৪০০ লোৱাৰ যি সপোন দেখিছে৷ সেইয়া সপোন হৈয়ে থাকিব বুলি মন্তব্য কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷

খার্গেয়ে আৰু কয় যে,বিজেপি নেতৃত্বাধীন চৰকাৰে যোৱা দহটা বৰ্ষৰ প্ৰতিটো বছৰতে দুই কোটি নিবনুৱাক চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল ৷ কাৰ্যত সেইয়া ফুটুকাৰ ফেনতহে পৰিণত হ’ল ৷ কৃষকৰ উপাৰ্জন দুগুণ কৰাত ব্যর্থ হোৱা বিজেপি চৰকাৰ খনে ভুতৰ ওপৰত দানহ পৰাৰ দৰে কৃষি,দৰৱ,অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ কৃষি আৰু কেতবোৰ সামগ্ৰীৰ উৎপাদনত জিএছ টি জাপি দি ৰাইজক মাধমাৰ দিয়ে ৷

এনে প্ৰেক্ষাপটত এইবাৰ নিৰ্বাচনত বিজেপিক দিল্লীৰ মনছদৰ পৰা উফৰাই পেলাবলৈ ৰাইজক আহ্বান জনায় কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷ সংবামেলত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিং আৰু এপিচিচিৰ সভাপতি ভূপেন বৰা সহ কে’বাজনো কংগ্ৰেছ নেতা উপস্থিত হয় ৷

You May Also Like

More From Author