Late Night Bachelor পাৰ্টীত অসূৰ ৰূপ নায়িকা গেঙৰ! সাৰি যাব নেকি খাকীত হাত দিয়াসকল?

1 min read

ভয়ংকৰ Bachelor পাৰ্টীয়ে জোকাৰিছে ৰাজ্য। সকলোৰে মাজত সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়া। সুৰা-সুন্দৰী নায়িকাৰ সৈতে ৰঙীন মেহফিলত অংশ ল’ব গৈ কথমপি প্ৰাণ ৰক্ষা পৰিছিল অসম আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ। সুন্দৰী নায়িকাৰ Bachelor পাৰ্টীত সুৰা বিচৰাৰ অভিযোগতে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাই আহিছিল অসম আৰক্ষীৰ বশিষ্ঠ থানাৰ কনিষ্টবল প্ৰদীপ বসুমতাৰী।

কেৱল ইমানেই নহয় অসুৰ নায়িকা গেঙৰ ‘দাদাগিৰি’ৰ পৰা বাছি যোৱা নাছিল আৰক্ষী বিষয়া ৰঞ্জন ৰয়ো। সুন্দৰী নায়িকা গেঙে খাকী পোছাক ফালি পেলাইছিল সাহসী অসম আৰক্ষীৰ বিষয়া ৰঞ্জন ৰয়ৰ। বিহুৰ বতৰত ৰ’দ-বৰষুণ কাটি কৰি জনহিত জনসেৱাৰ্থে নিয়োজিত অসম আৰক্ষীৰ বিষয়াক কেমেৰাৰ সন্মুখতে আক্ৰমণ কৰিছিল অসূৰ গেঙে।

এজন আৰক্ষীক হত্যাৰ অপচেষ্টা, আনজনক কৰ্তব্যত বাধা। কিন্তু জনহিত জনসেৱাৰ্থে নিয়োজিত অসম আৰক্ষীৰ বৰমুৰীয়াৰ কৃপাত ভুক্তভোগী আৰক্ষীৰ অৱস্থা দেখি হতাশ সতীৰ্থ আৰক্ষী। শনিবাৰৰ নিশাৰ ইকো-বাৰ কাণ্ডক লৈ বশিষ্ঠ থানাত ৰুজু হৈছিল ৩টাকৈ গোচৰ। কিন্তু আৰক্ষীক প্ৰাণে মৰা ভাবুকি দিয়াৰ পিছতো এতিয়া মুকলি আকাশৰ তলত ৩ আক্ৰমণকাৰী।

সুৰাৰ ৰাগীত মাতাল হৈ দানৱ ৰূপ ধাৰণ কৰা এই তিনি অভিযুক্তৰ পক্ষত এতিয়া খোদ অসম আৰক্ষী! গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাৰ দুজনকৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰি এতিয়া ওপৰ মহলৰ আশীৰ্বাদত মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে মুকলি আকাশৰ তলত ৩ আক্ৰমণকাৰী। পুৱতি নিশালৈ বশিষ্ঠ চাৰিআলিৰ দ্য ইকো বাৰত চলা সুৰাৰ পাৰ্টীত সুন্দৰী নায়িকাক অশালীন মন্তব্যক লৈ সূত্ৰপাত হোৱা ঘটনাত মাৰ খাই আহত হৈছিল প্ৰদীপ বসুমতাৰী। তেনে সময়তে ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষী বিষয়কো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল গুণ্ডাৰূপী দলটোৱে।

বশিষ্ঠৰ আৰক্ষী বিষয়া ৰঞ্জন ৰয়ক আক্ৰমণৰ ঘটনাক লৈ থানাত ৰুজু হৈছিল ২৬৯/২৪ নম্বৰৰ গোচৰ। পিছে প্ৰভাৱশালী, হাত দীঘল, নেদেখা শক্তিৰ অধিকাৰী অভিযুক্তক সেৱা শুশ্ৰুষা শীর্ষ আৰক্ষী মহলৰ। য’ত এই লোমহৰ্ষক ঘটনাৰ উক্ত গোচৰত সন্নিবিষ্ট হৈছিল ভাৰতীয় দণ্ড বিধি আইনৰ ২৯৪, ৩৪২, ৩৫৩, ৩৫২, ৫০৬, ৩৪ IPC।

পিছে বশিষ্ঠ আৰক্ষীয়ে থানাৰ পৰা সসন্মানে মোকোলাই দিলে ৩ অভিযুক্ত আক্ৰমণকাৰীক। সুৰাপায়ী সুন্দৰীক লৈ ঘটা এই ভয়ংকৰ ঘটনাক লৈ অব্যাহত আছে চৌদিশে প্ৰতিক্ৰিয়া।

খাকীৰ মান ৰাখিব নোৱাৰি প্ৰতাৰিত আৰক্ষীয়ে এতিয়া মনৰ বেদনাত পালন কৰিছে কৰ্তব্য। কি চলিছে এতিয়া অসম আৰক্ষীৰ ভিতৰ চ’ৰাত? গৃহ বিভাগটোৰ চিষ্টেমটোৰ পৰা খোদ আৰক্ষীৰ লোকেই এতিয়া বঞ্চিত ন্যায়ৰ পৰা। ক’ত ন্যায় পাব সাধাৰণ জনতাই? সচেতন মহলত সৃষ্টি হৈছে প্ৰশ্নৰ।

You May Also Like

More From Author