Month: April 2024

নিউম’নিয়াৰ পৰা সুৰক্ষিত ৰাখক শিশুটিক

নিউম’নিয়াৰ পৰা সুৰক্ষিত ৰাখক শিশুটিক

নিউম’নিয়া হৈছে হাঁওফাঁওৰ সংক্রমণজনিত ৰোগ। এই ৰোগ সচৰাচৰ বেক্টেৰিয়া, ভাইৰাছৰ সংক্ৰমণৰ বাবে হয়। অৱশ্যে কেতিয়াবা হাঁওফাঁওত ভেঁকুৰৰ সংক্রমণৰ বাবেও নিউম’নিয়া হয়। এই ৰোগৰ অন্যতম প্রধান কাৰণ হৈছে হাঁওফাঁওত ‘স্ট্রেপ্টোকক্কাছ নিউম’নি’ নামৰ এবিধ বেক্টেৰিয়াৰ সংক্রমণ। নিউম’নিয়া হৈছে নিৰাময় যোগ্য আৰু প্রতিৰোধযোগ্য ৰোগ। তৎসত্ত্বেও প্রতি বছৰে অসংখ্য শিশুৰ এই বোগত মৃত্যু হয়।

গুৱাহাটীত উপস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেৰ

গুৱাহাটীত উপস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেৰ

দেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে অসমৰ চাৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰাভিযানৰ বাবে শনিবাৰে দুপৰীয়া গুৱাহাটীত আহি উপস্থিত হয় অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খার্গে ৷ দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা কংগ্ৰেছ সভাপতি গৰাকীক বৰঝাৰ বিমানকোঠত উস্ম আদৰণি জনায় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিং

ফ্ৰান্সৰ পৰা প্রৱঞ্চক ব্যৱসায়ী মালিয়াক আনিব ভাৰতলৈ চর্তহীন প্রত্যর্পণ দাবী ভাৰতৰ

ফ্ৰান্সৰ পৰা প্রৱঞ্চক ব্যৱসায়ী মালিয়াক আনিব ভাৰতলৈ চর্তহীন প্রত্যর্পণ দাবী ভাৰতৰ

ভাৰত চৰকাৰে পলাতক প্রৱঞ্চক ব্যৱসায়ী বিজয় মালিয়াক স্বদেশলৈ ওভতাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে ভাৰত চৰকাৰে ফ্ৰান্সৰ বিষয়াৰ স’তে যোগাযোগ কৰি চৰ্তহীনভাবে মালিয়াক ভাৰতলৈ প্রত্যর্পণৰ দাবী উত্থাপন কৰিলে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক বাতৰিত উল্লেখ কৰা অনুসৰি বৰ্তমানেও মালিয়া ব্রিটেইনতে আছে আৰু ভাৰতে ব্রিটেইন চৰকাৰৰ স’তেও এই বিষয়ত যোগাযোগ অব্যাহত ৰাখিছে।

পেলেষ্টাইনৰ সমর্থনত প্রতিবাদত অংশ লোৱা ভাৰতীয় মূলৰ ছাত্ৰীক গ্ৰেপ্তাৰ আমেৰিকাত

পেলেষ্টাইনৰ সমর্থনত প্রতিবাদত অংশ লোৱা ভাৰতীয় মূলৰ ছাত্ৰীক গ্ৰেপ্তাৰ আমেৰিকাত

ইজৰাইলৰ আৰু হামাছৰ মাজত অব্যাহত থকা যুদ্ধৰ প্ৰভাৱ আমেৰিকাতো ক্রমে স্পষ্ট হ’বলৈ ধৰিছে। আমেৰিকাৰ একাংশ অঞ্চলত সম্প্রতি বিশ্ববিদ্যালয়ৰ শিক্ষার্থীয়ে পেলেষ্টাইনৰ সমর্থনত আৰু ইজৰাইলৰ বিৰোধিতাৰে ব্যাপক প্রতিবাদী আন্দোলন অব্যাহত ৰাখিছে। আমেৰিকাৰ প্রিন্সটন ইউনিভাৰছিটিত আয়োজিত এনে ইজৰাইল বিৰোধী প্ৰতিবাদত অংশ লোৱা এগৰাকী ভাৰতীয় মূলৰ ছাত্ৰীক প্রশাসনে গ্রেপ্তাৰ কৰিলে। প্রকাশিত বাতৰি অনুসৰি ভাৰতীয়

নগাঁও লোকসভা সমষ্টিত দুই-এটা বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন

নগাঁও লোকসভা সমষ্টিত দুই-এটা বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ভোটাৰ ৰাইজৰ ব্যাপক উৎসাহজনক সহাঁৰিয়ে ৯নং নগাঁও লোকসভা সমষ্টিত শুকুৰবাৰে দুই-এটা বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়। সংসদীয় সমষ্টিটোত পুৱাৰে পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ৰাইজ হিলদ’ল ভাঙি ওলাই অহাৰ লগতে নৱ প্ৰজন্মৰ ভোটাৰৰ উৎসাহ আছিল লক্ষণীয়। আনকি ৯০বছৰ উৰ্দ্ধৰ বৃদ্ধ-বৃদ্ধায়েও নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে