অসমৰ যুৱকক জঘন্য অপৰাধত ফাঁচিৰ নিৰ্দেশ কেৰালা উচ্চ ন্যায়ালয়ৰ

1 min read

কেৰালা উচ্চ ন্যায়ালয়ে সোমবাৰে অসমৰ পৰা কেৰালালৈ গৈ শ্ৰমিক হিচাপে কাম কৰি থকা মহম্মদ আমিৰুল ইছলাম নামৰ এজন ৩০ বছৰীয়া যুৱকক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ পি বি সুৰেশ কুমাৰ আৰু এছ মানুৰে গঠিত এখন খণ্ড বিচাৰপীঠে ২০১৭ চনৰ ইৰনাকুলাম প্ৰধান সত্ৰ ন্যায়লয়ৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখে। ইছলামে ২০১৬ চনত পেৰুমবাবুৰ নামৰ এক স্থানত এগৰাকী আইনৰ ছাত্ৰীক অপকৰ্ম কৰি হত্যা কৰিছিল। দোষী সাব্যস্ত হোৱাৰ পিছত সত্ৰ ন্যায়ালয়ে ফাঁচিৰ হুকুম দিছিল। অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ আৰু ৩০২ৰ অধীনত কেৰালা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল।

ৰায় প্ৰদান কৰি উচ্চ ন্যায়ালয়ৰ খণ্ড পীঠে এই হত্যা কোনো ধৰণৰ প্ৰৰোচনা নোহোৱাকৈ ঠাণ্ডা মগজুৰে কৰা কাণ্ড বুলি অভিহিত কৰে। কোৰ্টে লগতে কয়, ভুক্তভোগীয়ে বাধা দিয়াৰ কাৰণেই অপকৰ্ম কৰি হত্যা কৰা হ’ল; এনে ঘটনা সাংঘাতিক জঘন্য যি সমাজৰ বিবেকক জোকাৰি যায়। কোৰ্টৰ মতে, পীঠৰ সন্মুখত দাখিল কৰা নথি আৰু যুক্ত দোষীৰ শাস্তি লাঘৱ কৰিবলৈ পৰ্যাপ্ত নহয়।

উল্লেখযোগ্য যে ঘটনা সংঘটিত কৰি ইছলাম তামিলনাডুৰ কাঞ্চিপুৰমলৈ পলায়ন কৰিছিল। ১০০ জন আৰক্ষীয়ে ১৫০০ লোকক সোধা-পোছা কৰি, ২০ লাখ ফোন কল পৰীক্ষা কৰি ইছলামক ৫০ দিনৰ অন্তত বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল। ঘটনাৰ তদন্ত কৰিবলৈ কেৰালা আৰক্ষীয়ে SIT গঠন কৰিছিল। SITয়ে DNA পৰীক্ষা পদ্ধতিৰে ইছলামৰ অপৰাধ প্ৰমাণ কৰিছিল । তদন্তৰ কালছোৱাত SITয়ে ৫০০০ লোকৰ fingerprintও পৰীক্ষা কৰিছিল।

You May Also Like

More From Author