কেনেকৈ চিগাৰেট সেৱনৰ পৰা বিৰত থাকিব? চিগাৰেট খোৱাৰ নামত গোটাই লৈছে নেকি কেঞ্চাৰ?

1 min read

কেনেকৈ এৰিব চিগাৰেট? ধূমপান বা চিগাৰেটৰ বদ অভ্যাসত অভ্যস্ত নেকি আপুনি? চিগাৰেট খোৱাৰ নামত আপুনি গোটাই লৈছে নেকি কেঞ্চাৰ! কেনেকৈ এৰিব চিগাৰেটৰ বদ অভ্যাস? মানুহে জানি শুনি কিছুমান ভুল কাম কৰে। তাৰ এটা উদাহৰণ হৈছে চিগাৰেট সেৱন কৰা। নিচা জাতীয় দ্ৰব্য ক্ৰয় কৰোঁতে অৰ্থাৎ চিগাৰেটৰ হওক গুটকা হওক বা নিচা জাতীয় দ্ৰব্য। সকলোতে লিখা থাকে স্বাস্থ্যৰ বাবে হানিকাৰক ইয়াৰ অৰ্থ কোম্পানীৰ দ্বাৰা এক সতৰ্কবাণী। তথাপি মানুহে ক্ৰয় কৰে আৰু খায় সন্তুষ্টি লাভ কৰে। জানি বুজিও এটা মাৰাত্মক ৰোগ গোটাই লয় মানুহে। আমি সকলোৱে জানো যে এইসমূহ সেৱন কৰিলে বা পান কৰিলে আমাৰ স্বাস্থ্যৰ অনিষ্ট হয় আৰু কেঞ্চাৰৰ দৰে মাৰাত্মক বেমাৰ হব পাৰে।

অতি দুখজনক বিষয় যে এই সকলো বিলাক কথা জানিও আমি ভুল কৰি আহিছো। কিন্তু এই যে বদ অভ্যাস বা আমি অভ্যস্ত হৈ পৰিছো ইয়াক কেনেকৈ শেষ কৰি পাৰি? হোমিওপেথি আৰু আয়ুৰ্বেদত ইয়াৰ কিছু বিধান আছে যিয়ে মানুহক এই বদ অভ্যাস সমূহ এৰাই চলিবলৈ সহায় কৰিব পাৰে। বিশেষকৈ চিগাৰেটৰ বদ অভ্যাস এৰিবৰ বাবে হোমিওপেথিত কি কি বিধান আছে তাৰ চমু আলোকপাত এনে ধৰণৰ। প্ৰথমতে দীৰ্ঘদিন ধৰি ধূমপান কৰা লোকসকলৰ ক্ষেত্ৰত অতি কাৰ্যকৰী টেবেকাম ছিক্স। এই ঔষধ গ্ৰহণ কৰিলে নিকোটিনৰ প্ৰতি আসক্তি হ্ৰাস পায়। ফলস্বৰূপে, লাহে লাহে ধূমপান কৰাৰ আকাংক্ষাও আঁতৰি যাব। অৱশ্যে এই ঔষধ গ্ৰহণ কৰাৰ পূৰ্বে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। দ্বিতীয়তে ধূমপান ত্যাগ কৰাৰ পিছত বহুলোকৰ কোষ্ঠকাঠিন্য হোৱা দেখিবলৈ পোৱা যায়।

এনে ধাৰণা কৰি লোৱা হয় যে চিগাৰেট নোখোৱাকৈ শৌচাগাৰ পৰিষ্কাৰ অৰ্থাৎ সম্পূৰ্ণ নহব। এই সমস্যা সমাধান কৰিবলৈ ন’ক্সোভমিকা ৬ অতি লাভজনক। তৃতীয়তে বহুক্ষেত্ৰত ধূমপান ত্যাগ কৰাৰ ফলত মানুহৰ নিদ্ৰাহীনতা বৃদ্ধি পায়। এই নিদ্ৰাহীনতাত ভোগা বা চিগাৰেটৰ বদ অভ্যাস এৰিবলৈ গেলচিকাম ছিক্স খোৱাটোৱে এইবোৰৰ পৰা পৰিত্ৰাণ পাব। চতুৰ্থতে ধূমপান ত্যাগ কৰাৰ পিছত বেছিভাগ লোকৰ উদ্বেগ বৃদ্ধি পায়। ফলত ব্যক্তিগৰাকীয়ে উদ্বেগ বা অপ্ৰয়োজনীয় চিন্তা পূৰণ কৰিবলৈ পুনৰ ধূমপান আৰম্ভ কৰে। এই ক্ষেত্ৰত, একনাইট ছিক্স খাই এই ৰোগ নিৰাময় কৰাৰ সম্ভৱ বুলি হোমিঅ’পেথিত উল্লেখ আছে। পঞ্চমতে দীঘলীয়া সময় ধূমপানৰ ফলত বুকুত যথেষ্ট কফ হয়। আনকি ধূমপান ত্যাগ কৰাৰ পাছতো সেই সমস্যাৰ থাকি যায়। এই ক্ষেত্ৰত ৰেমেক্স ছিক্সয়ে এক অতি কাৰ্যকৰী ভূমিকা পালন কৰে। ধূমপান বা চিগাৰেটৰ বদ অভ্যাস এৰিবৰ বাবে হোমিঅ’পেথিত এইসমূহ দিশ উল্লেখ কৰা হৈছে।

ইয়াৰ উপৰি আয়ুৰ্বেদত চিগাৰেটৰ বদ অভ্যাস এৰাৰ কিছু উপায় বা সমাধান উল্লেখ কৰা হৈছে। সেয়া যেনে- সহজে হজম হোৱা খাদ্য খাব লাগে। এনে খাদ্যই মানুহৰ শৰীৰ আৰু মন পাতল কৰি ৰখাত সহায় কৰে। মৌৰ সৈতে ৪-৫ খিলা তুলসীৰ পাত খাই চিৰদিনৰ বাবে ধূমপানক বিদায় দিয়া সম্ভৱ। লগতে ৰাতিপুৱা সোনকালে শুই উঠি তামৰ পাত্ৰত থোৱা শীতল পানীয় খালেও ধূমপানৰ আসক্তি দূৰ কৰাত উপক্ৰম হব পাৰে। উল্লেখ্য যে ধূমপান ত্যাগ কৰাত সেউজীয়া চাহে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে নিজে এই সন্দৰ্ভত সজাগ হৈ কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ গোটাই লোৱাৰ পৰা বিৰত থাকিব পৰা যাব। সেয়ে আপুনি যদি চিগাৰেটৰ বদ অভ্যাসত অভ্যস্ত তেন্তে আপুনিও নিয়মিতভাৱে এই সমূহ দিশ মানি চলি সময় থাকোঁতেই ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰক।

You May Also Like

More From Author