কোভিশ্বীল্ডৰ পাছত এইবাৰ ক’ভাক্সিনৰ পাৰ্শ্বক্ৰিয়া, গৱেষণাত প্ৰকাশ পাইছে এই তথ্য

1 min read

কোভিশ্বীল্ডৰ পাছত এইবাৰ ক’ভাক্সিনৰ পাৰ্শ্বক্ৰিয়া, গৱেষণাত প্ৰকাশ পাইছে এই তথ্য

সমগ্ৰ বিশ্বতে জোকাৰণি তোলা কোভিশ্বীল্ডৰ পাইত এইবাৰ কোভেক্সিন সন্দৰ্ভতো প্ৰকাশ পাইছে পাৰ্শ্বক্ৰিয়াৰ তথ্য। বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে কৰা এবছৰীয়া ফ’ল’ আপ অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰত বায়’টেকৰ ক’ভিড বিৰোধী ভেকচিন ক’ভাক্সিন গ্ৰহণ কৰা ব্যক্তিসকলৰ প্ৰায় এক তৃতীয়াংশৰ পাৰ্শ্বক্ৰিয়া ধৰ পৰিছে।

অধ্যয়নত অংশগ্ৰহণ কৰা ৯২৬ জন অংশগ্ৰহণকাৰীৰ প্ৰায় ৫০ শতাংশই ফ’ল’-আপ সময়ছোৱাত সংক্ৰমণৰ অভিযোগ কৰিছিল, য’ত শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণৰ প্ৰধানতা অধিক আছিল।

কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত বিবিভি ১৫২ ভেকচিনৰ দীৰ্ঘম্যাদী সুৰক্ষাৰ ওপৰত চকু ৰখা এই অধ্যয়নত দাবী কৰা হৈছে যে ষ্ট্ৰোক আৰু গুইলেন-বেৰ চিনড্ৰমকে ধৰি গুৰুতৰ এইএছআই এক শতাংশ ব্যক্তিৰ ক্ষেত্ৰত দেখা পোৱা গৈছে।

স্প্ৰিংগাৰ নেচাৰ নামৰ জাৰ্নেলত প্ৰকাশিত এই অধ্যয়ন ব্ৰিটেইনৰ ঔষধ এষ্ট্ৰাজেনেকাই ব্ৰিটেইনৰ আদালতত নিজৰ Covid ভেকচিনৰ ফলত তেজ জমা হোৱাৰ লগতে প্লেটলেটৰ সংখ্যা হ্ৰাস পোৱাৰ বিৰল পাৰ্শ্বক্ৰিয়া হ’ব পাৰে বুলি স্বীকাৰ কৰাৰ পিছত এইবাৰ ক’ভাক্সিনৰো পাৰ্শ্বক্ৰিয়া ।

২০২২ চনৰ জানুৱাৰীৰ পৰা আগষ্টলৈকে কৰা এই অধ্যয়নত, “প্ৰায় এক তৃতীয়াংশ ব্যক্তিৰ এ ই এছ আই ৰোগ হৈছিল। নতুনকৈ আৰম্ভ হোৱা ছাল আৰু ছালৰ তলৰ বিকাৰ, সাধাৰণ বিকাৰ, আৰু স্নায়ুতন্ত্ৰৰ বিকাৰ হৈছে ভেকচিন লোৱাৰ পিছত কিশোৰ-কিশোৰীসকলৰ মাজত দেখা পোৱা তিনিটা আটাইতকৈ সাধাৰণ বিকাৰ।”

এই অধ্যয়নত ৬৩৫ জন কিশোৰ-কিশোৰী আৰু ২৯১ জন প্ৰাপ্তবয়স্ক লোকক জড়িত কৰা হৈছিল, যিসকলে BBV152 ভেকচিন লাভ কৰিছিল। টিকাকৰণৰ ১ বছৰৰ পিছত বিশেষ আগ্ৰহৰ দীৰ্ঘম্যাদী বিৰূপ পৰিঘটনাৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক টেলিফোনযোগে সাক্ষাৎকাৰ লোৱা হৈছিল।

ক’ভাক্সিনৰ ফলত দেখা দিয়া সমস্যা সমূহ হৈছে- কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত- নতুনকৈ আৰম্ভ হোৱা ছালৰ সমস্যা (১০.৫ শতাংশ), সাধাৰণ বিকাৰ (১০. ২ শতাংশ), আৰু স্নায়ুতন্ত্ৰৰ বিকাৰ (৪. ৭ শতাংশ)।

প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত সাধাৰণ বিকাৰ (৮.৯), পেশী-কংকালৰ বিকাৰ (৫. ৮ শতাংশ), আৰু স্নায়ুতন্ত্ৰৰ বিকাৰ (৫. ৫ শতাংশ) ।

৪.৬ শতাংশ মহিলা অংশগ্ৰহণকাৰীৰ ঋতুস্ৰাৱৰ অস্বাভাৱিকতা লক্ষ্য কৰা হৈছিল। অধ্যয়নটোত লগতে কোৱা হৈছে যে ২. ৭ শতাংশ আৰু ০.৬ শতাংশ অংশগ্ৰহণকাৰীৰ চকুৰ অস্বাভাৱিকতা আৰু হাইপোথাইৰয়ডিজম দেখা গৈছে।

You May Also Like

More From Author