গুৱাহাটীত আই পি এল প্ৰতিযোগিতা; বৰষুণৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ দাবী

1 min read

কাইলৈ গুৱাহাটীত আই পি এল প্ৰতিযোগিতা ; বতৰক লৈ চিন্তিত ক্ৰিকেটপ্ৰেমী

অভিজিত কলিতা
গুৱাহাটী,১৪ মে’: অবশেষত বহু হোহকা – পিচলাৰ অন্ততঃ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১৫ আৰু ১৯ মেত আই পি এল প্ৰতিযোগিতাৰ দুখন খেল অনুষ্ঠিত হব । ইতিমধ্যে বহু খেল দুখনক লৈ ক্রিকেটপ্রেমী সকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। কিয়নো বৰ্তমান বৰষূণ আৰু ধুমুহাৰ বতৰ। ১৫ মে’ৰ দিনা সন্ধিয়াৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত পাঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েল্‌ছৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দুয়োটা দলে দুখন বিশেষ বিমানৰে ১২ আৰু ১৩ মেৰ ভিতৰত গুৱাহাটীত আহি উপস্থিত হৈছে। গুৱাহাটীৰ হোটেল তাজ ভিভান্ত আৰু ৰেদিচন ব্লু হোটেলত থকা দল দুটাই আজি নেট অনুশীলন কৰে । ইফালে, বিগত কেইদিনত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত চর্নিকা গাজনী, ঢেৰেকনী, বজ্ৰপাত , ধুমুহাৰ সৈতে মাজে-সময়ে বৰষুণ আহি থকালৈ চাই ক্রিকেটপ্রেমীসকল স্বাভাৱিকতে বতৰক লৈ উদ্বিগ্ন হৈ পৰিছে। পূৰ্বতে ২০২২ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত বৰষুণৰ বাবে টি-২০ প্রতিযোগিতাৰ এখন খেল বৰষূণৰ বাবে বাতিল কৰিবলগীয়া হৈছিল। অৱশ্যে এই আশংকাৰ মাজতে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১৫ মে’ৰ দিনা গুৱাহাটীত বৰষুণ অহাৰ সম্ভাৱনা নাই অাৰু সামগ্ৰিকভাৱে বতৰ ফৰকাল হব বুলি সদৰী কৰিছে। সমান্তৰালভাৱে সূৰ্যাস্তৰ পাছত সন্ধিয়া তাপমাত্রা ২৪ৰ পৰা ২৬ ডিগ্রী ছেলচিয়াছৰ আশে-পাশে থাকিব। যিটো স্বাভাৱিকতকৈ ২ৰ পৰা ৩ ডিগ্ৰীৰ ওপৰত থাকিলেও দৰ্শকৰ লগতে খেলুৱৈৰ বাবেও বিশেষ অসুবিধাৰ আশঙ্কা নাথাকিব। ইফালে ১৯ মে’ৰ দিনা সন্ধিয়া একেখন ষ্টেডিয়ামত ৰাজস্থান ৰয়েল্‌ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছাৰ মাজত আন এখন গুৰুত্বপুৰ্ণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অৱশ্যে ১৫ মে’ৰ দিনা সন্ধিয়াৰ ভাগত গুৱাহাটীৰ বতৰ ফৰকাল হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৰা দাবী বাস্তৱত পৰিণত হলে ষ্টেডিয়ামত সমবেত হোৱা দৰ্শকে এখন ভাল খেল উপভোগ কৰিবলৈ সক্ষম হব বুলি ক্ৰিকেটপ্ৰেমী সকলে আশা ব্যক্ত কৰিছে।

You May Also Like

More From Author