গোপনে বিবাহ, মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতম, চাওক কি নাম ৰাখিলে সন্তানৰ, নামৰ অৰ্থ জানিলে আচৰিত হ’ব আপুনি!

1 min read

আয়ুষ্মান খুৰানাৰ বিপৰীতে ‘ভিকি ড’নাৰ’ত অভিষেক ঘটায় য়ামী গৌতমে। যদিও তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে বহু উত্থান-পতনৰ সন্মুখীন হৈছিল। পিছলৈ অৱশ্যে অভিনয় দক্ষতাৰ জৰিয়তে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়।

তেওঁলোকৰ বিবাহ সকলোতকৈ পৃথক আছিল। য়ামী-আদিত্যৰ বিয়াখন তাৰকাৰ তথাকথিত লাইমলাইটৰ বাহিৰত সম্পন্ন হৈছিল। ‘ইউৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ত অভিনয় কৰাৰ সময়তে য়ামীৰ হৈছিল প্ৰেম। বিকি ড’নাৰৰ নায়িকাগৰাকীয়ে ‘ইউৰি’ৰ পৰিচালকৰ সৈতে বিবাহপাশত আবদ্ধ হৈ সকলোকে আচৰিত কৰি তুলিলে।

বিবাহৰ ৩ বছৰ পিছত তাৰকা দম্পতীয়ে এটি পুত্ৰ সন্তানৰ আগমনৰ কথা ঘোষণা কৰে। য়ামীৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি ‘আৰ্টিকেল ৩৭০’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত স্বামী আদিত্য ধৰে কৈছিল, “বেবী অন দ্য ৱে”। এতিয়া শিশুটিৰ আগমনৰ পিছত তেওঁলোক সংসাৰত সুখৰ জোৱাৰ উঠিছে।

ইনষ্টাগ্ৰামত য়ামীয়ে লিখিছে, “আমাৰ পুত্ৰ বেদবিদৰ জন্মৰ কথা ঘোষণা কৰি আমি সুখী। অক্ষয় তৃতীয়াৰ দিনা তেওঁ আমাৰ জীৱনলৈ আহি আমাক ধন্য কৰিলে। আপোনালোক সকলোৱে তেওঁক মৰম আৰু আশীৰ্বাদ দিয়ক। তেওঁৰ বাবে প্ৰাৰ্থনা কৰক।”

বেদবিদ সংস্কৃত শব্দ। ইয়াৰ অৰ্থ বেদত যি বিদ বা পাৰ্গত, অৰ্থাৎ বেদৰ বিষয়ে জ্ঞান থকা লোক।

২০২৪ চনত কেইবাগৰাকীও অভিনেত্ৰী মাতৃ হ’বলৈ ওলাইছে। শেহতীয়াকৈ দীপিকা পাডুকন আৰু ৰণবীৰ সিঙেও ঘোষণা কৰিছে যে তেওঁলোকৰ সন্তান চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত আহিব। অভিনেত্ৰী য়ামী গৌতমৰ এই পোষ্টত ৰণবীৰে লিখিছে, ‘Lots of love to you’।

‘ফেন্সি’ নামকৰণ বলীউডত নতুন কথা নহয়। কিন্তু য়ামীৰ পুত্ৰৰ নাম সকলোতকৈ পৃথক।

You May Also Like

More From Author