ছিপাঝাৰৰ গৰুখুটিত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান, প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে পুৱাৰে পৰা উচ্ছেদ

0 min read

ছিপাঝাৰৰ গৰুখুটি, ধলপুৰত পুনৰ উচ্ছেদ অভিযান। প্ৰায় ৬০০ পৰিয়ালক চলোৱা হৈছে উচ্ছেদ। প্ৰায় এক হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ কাৰণে এই অভিযান চলাইছে প্ৰশাসনে। পুনৰ গৰুখুটিত দৰং জিলা প্ৰশাসনৰ দ্বাৰা চলোৱা হয় উচ্ছেদ অভিযান। ৩নং ধলপুৰ ভেটি বজাৰৰ ৬০০টা পৰিয়ালৰ ৩৯৭টা পৰিয়ালক কৰা হয় উচ্ছেদ। বাকী পৰিয়ালে নিজে ঘৰ ভাঙি এৰিছে দখল কৰা ভূমি।

ইয়াৰ পূৰ্বেও গৰুখুটি, ধলপুৰত চলোৱা হৈছিল উচ্ছেদ অভিযান। সেই সময়ত ধলপুৰৰ ১৪১৮টা পৰিয়ালক উচ্ছেদ কৰিছিল চৰকাৰে। উচ্ছেদিত পৰিয়ালসমূহক দৰং জিলাৰ দলগাঁও সমষ্টিৰ বিভিন্ন ঠাইত সংস্হাপনৰ ব্যৱস্থা কৰে চৰকাৰে। সেই সময়ত উচ্ছেদিত প্ৰায় ৬০০ পৰিয়ালে আশ্ৰয় লৈ আছিল চৰকাৰী ভূমিত। আজি বহু পৰিয়ালে নিজে নিজে ঘৰ ভাঙি এৰিছে বেদখল কৰা ভূমি।

You May Also Like

More From Author