ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আছিল এখন নৈশবাছ, মাজনিশা ২ বজাত সংঘটিত হ’ল ভয়ংকৰ ঘটনা

1 min read

ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী নৈশবাছত দুৰ্বৃত্তৰ আক্ৰমণ। শিলগুটি দলিয়াই দুৰ্বৃত্তই ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিলে নৈশ বাছখনৰ গ্লাছ। AR SUPERৰ LUXURIA নামৰ AS 01PC7917 নম্বৰৰ বাছখনলৈ শিলগুটি দলিয়াই আক্ৰমণ কৰে দুৰ্বৃত্তই। বোকাখাত আৰু নুমলীগড়ৰ মাজৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা স্থানত সংঘটিত হয় এই ঘটনা। নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা।

বাছখনত আছিল প্ৰায় ২৮-৩২জন যাত্ৰা। দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত বাছখনৰ এখন গ্লাছ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায়। এই বাছখনত আছিল অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকো। ভূষণ পাঠকে সামাজিক মাধ্যমত ভিডিঅ’ৰ যোগেদি সম্পূৰ্ণ ঘটনা প্ৰকাশ কৰিছে। শিলগুটি নিক্ষেপৰ ফলত যাত্ৰীৰ আসনৰ কাষত থকা এখন গ্লাছ সম্পূৰ্ণৰূপে ভাঙি যায়। পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

ভূষণ পাঠকে তেওঁৰ ভিডিঅ’ত জনোৱা মতে, তেওঁ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আছিল। প্ৰায় ২ বজাত কোনো দুৰ্বৃত্তই বাছখনলৈ শিলগুটি নিক্ষেপ কৰে। বোকাখাত-নুমলীগড়ৰ মাজতে সংঘটিত হয় এই ঘটনা। অলপৰ কাৰণে যাত্ৰীৰ মূৰত নপৰিল শিল।

বাছখন আহি থকাৰ সময়তে চলন্ত বাছখনলৈ বুলি লক্ষ্য কৰি কোনো দুৰ্বৃত্তই এইদৰে শিলগুটি নিক্ষেপ কৰে। যাৰ ফলত শিলগুটিটো বাছখনৰ গ্লাছ ভাঙি ভিতৰত পৰেগৈ। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো যাত্ৰী আঘাতপ্ৰাপ্ত নহ’ল। অৱশ্যে বাছখনৰ খিৰিকিৰ গ্লাছ ভাঙি যাত্ৰীৰ ছিটত চিটিকি পৰেগৈ। নিশা ২ বজাত সংঘটিত এই ঘটনাই যাত্ৰীসকলৰ মাজতো আতংকৰ সৃষ্টি কৰে।

শেষত বাছখনৰ কৰ্মচাৰীয়ে খিৰিকিৰ গ্লাছখন জোৰা-টাপলি মাৰি পুনৰ যাত্ৰা আৰম্ভ কৰে। যদিও এই ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত নহ’ল, এয়া অতি নিকৃষ্ট কাম। কোনো লোকে সুৰাপান কৰি এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

You May Also Like

More From Author