নিষিদ্ধ হ’ল ৰঙা লিপষ্টিক? কোনো নাৰীয়ে লগাব নোৱাৰিব ৰঙা লিপষ্টিক, কিন্তু কিয়?

1 min read
ৰঙা লিপষ্টিক লগালে প্ৰত্যেকজনী নাৰীয়েই মোহময়ী হৈ উঠে৷ প্ৰায়সংখ্যক নাৰীৰ প্ৰথম পছন্দই ৰঙা লিপষ্টিক৷ বিভিন্ন নামী-দামী ব্ৰেণ্ডৰ বিজ্ঞাপনত অন্য ৰঙৰ সলনি ৰঙা লিপষ্টিককেই অগ্ৰাধিকাৰ দিয়া হয়৷ কিন্তু এই ৰঙা লিপষ্টিকেই আপুনি এতিয়াৰে পৰা লগাব নোৱাৰিব৷ উত্তৰ কোৰিয়াৰ কিম জং উনে সেই দেশত নিষিদ্ধ কৰিলে ৰঙা লিপষ্টিক৷

উত্তৰ কোৰিয়াত ফেশ্বন, ষ্টাইল এইসমূহ ব্যক্তিস্বাধীনতাৰ অন্তৰ্গত বিষয় হ’ব নোৱাৰে৷ উত্তৰ কোৰিয়াৰ নেতা কিমে যি নিয়ম বান্ধি থৈছে সেই নিয়মৰ আধাৰতে তাৰ নাগৰিক চলিব লাগিব৷ ব্যক্তিস্বাধীনতাৰ সংজ্ঞা নথকা উত্তৰ কোৰিয়াত এইবাৰ নিষিদ্ধ হ’ল মহিলাৰ প্ৰথম পছন্দ ৰঙা লিপষ্টিক৷ কিম জং উনৰ নেতৃত্বত উত্তৰ কোৰিয়াত নাৰীয়ে কেনে পোছাক পিন্ধিব, কেনেকুৱা ষ্টাইল কৰিব, কেনেকৈ নিজক উপস্থাপন কৰিব সেই সন্দৰ্ভত আছে কঠোৰ নিয়ম৷ কোনোৱে এই নিয়ম উলংঘন কৰিবলৈ সাহসো নকৰে৷ কাৰণ তাত নিয়ম ভঙাৰ পৰিণতি কি হয় সেয়া পৃথককৈ কোৱাৰ প্ৰয়োজন নাই৷

শেহতীয়াকৈ তাত ৰঙা লিপষ্টিক বন্ধ কৰা হৈছে৷ এই লিপষ্টিক বন্ধ কৰাৰ কাৰণ হৈছে ৰঙা ৰং সাহসীকতাৰ প্ৰতীক৷ এই ৰঙ নাৰীৰ ওঁঠত কোনো কাৰণতে মানি ল’ব নোৱাৰি৷ এই লিপষ্টিক বন্ধৰ কাৰণ হিচাপে তেওঁলোকে স্পষ্টভাৱে বুজাই নিদিলেও জনাইছে যে এই ৰঙে নাৰী এগৰাকীক বেছি কমনীয় কৰি তোলে যাৰবাবে এই লিপষ্টিক বন্ধ কৰা হৈছে৷ কিন্তু এই লিপষ্টিক বন্ধ কৰাৰ আঁৰত আছে অন্য কেইবাটাও কাৰণ৷

এই দেশৰ আদৰ্শগত আৰু সাংস্কৃতিক যুঁজখনো এই লিপষ্টিকৰ ৰঙটোৰ সৈতে জড়িত হৈ আছে৷ ৰঙা লিপষ্টিক মুক্তি আৰু নাৰীসূলভ লোভৰ সৈতে যুক্ত৷ উত্তৰ কোৰিয়াৰ পুঁজিবাদী অধপতন আৰু নৈতিক অৱক্ষয়ক ফুটাই তোলাৰ প্ৰতিনিধি তথা প্ৰতিবাদৰ ৰং হিচাপে নাৰীসকলে এই ৰং বাচি লৈছে৷ এই প্ৰতিবাদী সত্ত্বাবোৰক বাধা দিবৰ বাবেই সেই দেশৰ ৰক্ষণশীল চৰকাৰে বন্ধ কৰিছে ৰঙা লিপষ্টিকৰ ব্যৱহাৰ৷ কিম চৰকাৰে ৰঙা লিপষ্টিক বন্ধ বুলি কোৱাৰ পাছৰে পৰাই সেই দেশত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন৷

শুনি আচৰিত হ’লেও এয়াই সত্য যে এতিয়া উত্তৰ কোৰিয়াৰ বাটে-ঘাটে মহিলাসকলৰ মেকআপ পৰীক্ষাৰ বাবে ঘূৰিফুৰিছে প্ৰশাসনৰ দল৷ প্ৰশাসনৰ দৃষ্টিত যদি ৰঙা লিপষ্টিক লগোৱা নাৰী পৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তিও ঘোষণা হ’’ব৷ উত্তৰ কোৰিয়াৰ প্ৰশাসনে বিশ্বাস কৰে যে সেই দেশত জনসংখ্যা বৃদ্ধিৰ বাবে কমনীয় মেকআপ একোটাও দায়ী৷ সেয়ে এনে পদক্ষেপ জৰুৰী৷ কেৱল লিপষ্টিকতেই বাধা আহিছে তেনে নহয়৷

উত্তৰ কোৰিয়াত চুলিৰ বাবেও আছে কেইবাটাও কঠোৰ নিয়ম৷ উত্তৰ কোৰিয়াৰ কোনো মহিলাই চুলি বেছিকৈ দীঘল কৰিব নোৱাৰিব৷ আৰু তাত চুলি ষ্টাইল নকৰাকৈ কোনো মহিলাই ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰে৷ কোনো মহিলাই তাত চুলি হাইলাইট কৰাৰ দৰে ষ্টাইল কৰিব নোৱাৰে৷ চুলিৰ ষ্টাইলৰ ক্ষেত্ৰতো আছে নীতি নিৰ্দেশনা৷ উত্তৰ কোৰিয়াত পুৰুষৰ বাবে আছে চুলিৰ ১০টা ষ্টাইল আৰু মহিলাৰ বাবে আছে ১৮টা ষ্টাইল৷

You May Also Like

More From Author