বাহিৰত লিখা আছে বিউটি পাৰ্লাৰ, ভিতৰত ২ ভগ্নীয়ে চলাই আছিল এই কাম, ২ ভগ্নীৰ কাণ্ড দেখি আৰক্ষীও হৈ পৰিল আচৰিত

1 min read

প্ৰকৃততে কি চলে বিউটি পাৰ্লাৰত? এক ভয়ংকৰ ঘটনা আহিছে পোহৰলৈ। প্ৰথমে নাবালিকাসমূহৰ পৰিয়ালবোৰক চাকৰি আৰু সুন্দৰ জীৱনৰ আশ্বাস দিয়ে। তাৰ পিছে ছোৱালীক আনি অনৈতিক ব্যৱসায়ত জড়িত কৰে। আৰক্ষীয়ে ৮জন চৰকাৰী বিষয়াকে ধৰি অনৈতিক ব্যৱসায়ৰ লগত জড়িত ২১জন লোকক গ্ৰেপ্তাৰ কৰিছে। লগতে আৰক্ষীয়ে সৰবৰাহকাৰীৰ কবলৰ পৰা ৫গৰাকী নাবালিকাক উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা ছোৱালীকেইগৰাকীৰ বয়স ১০ৰ পৰা ১৫ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে।

এই ছোৱালীৰ ভিতৰত ৩গৰাকী ছোৱালী এক বিশেষ ৰোগত আক্ৰান্ত হোৱা। যোৱা ১০ দিন ধৰি অসমৰ ধেমাজি, ওদালগুৰি আৰু চিম্পুত অব্যাহত আছিল ইটানগৰ আৰক্ষীয়ে অভিযান চলাই আছিল। চিম্পুৰ এঘৰত আৰক্ষীয়ে অভিযান চলাইছিল।

ইটানগৰৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে এই কথা নিশ্চিত কৰিছে। ইটানগৰৰ চিম্পুত দুগৰাকী ভগ্নীয়ে বিউটি পাৰ্লাৰত চলাই আছিল অনৈতিক কাৰ্য। অসমৰ ধেমাজিৰ পৰা নাবালক ছোৱালীক আনি অনৈতিক কাৰ্যত ব্যৱহাৰ কৰিছিল দুই ভগ্নীয়ে। বিগত ৪ মে’ত বিউটি পাৰ্লাৰ আৰু দুই ভগ্নীৰ ঘৰত আৰক্ষীয়ে অভিযান চলায়। এই সময়ছোৱাত দুগৰাকী নাবালিকা ছোৱালীক উদ্ধাৰ কৰে, উদ্ধাৰ হোৱা নাবালিকা কেইগৰাকীৰ অভিযোগৰ ভিত্তিত ইটানগৰ মহিলা থানাত গোচৰ ৰুজু কৰে আৰক্ষীয়ে।

ইটানগৰৰ আৰক্ষী অধীক্ষক ৰোহিতৰ ৰাজবীৰ সিঙৰ মতে, এই বিষয়টো শিশু কল্যাণ সমিতি (CWC)কো অৱগত কৰে। তদন্ত আৰু জেৰাৰ অন্তত আৰু দুগৰাকী নাবালিকা ছোৱালী অভিযুক্ত মহিলাসকলৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে। টেচি আৰু জামলো নামৰ দুজন দালালে এই ২ ভগ্নীৰ বাবে কাম কৰি আহিছিল।

উদ্ধাৰ কৰা নাবালক ছোৱালীক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে। যোৱা ১১ মে’ত চিম্পুৰ চিদিয়া ঘৰ পথৰ এখন লজত অভিযান চলাই উদ্ধাৰ হৈছিল এগৰাকী নাবালিকা কিশোৰী। জেৰাৰ সময়ত বহু চৰকাৰী বিষয়াৰ নামো ওলাল, যিসকলক আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি ঘৰৰ পৰা আটক কৰে। যোৱা ১০ দিনত প্ৰায় ২১টা দালাল আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

You May Also Like

More From Author