মাত্ৰ এফোটা নহৰুৱেই যথেষ্ট! শৰীৰৰ পৰা একেবাৰে দূৰ হ’ব বেয়া কলেষ্টেৰল! কিন্তু খাব কেনেকৈ?

1 min read

বৰ্তমান আমাৰ প্ৰত্যেকৰে পৰিয়ালৰ কোনো নহয় কোনো সদস্য প্ৰেছাৰ, ছুগাৰ বা কলেষ্টেৰলত আক্ৰান্ত। যাৰ বাবে অধিকাংশ ক্ষেত্ৰতে দায়ী আমাৰ অনিয়ন্ত্ৰিত জীৱনযাত্ৰা, খোৱা-লোৱা আৰু কৰ্মক্ষেত্ৰত দীৰ্ঘ ষ্ট্ৰেচ আৰু উদ্বেগ।

আমি এই প্ৰতিবেদনত এনে এক বিষয় লৈ আলোচনা কৰিম, যাতে কাৰোবাৰ কলেষ্টেৰল সম্পৰ্কীয় সমস্যা থাকিলে তাৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ হয়। আমাৰ মাজত বহুতৰে মনত নহৰু খোৱাক লৈ কিছু ধাৰণা আছে। কিন্তু নহৰু যে উপকাৰী হ’ব পাৰে সেয়া বহুতেই নাজানে।

নহৰু আমি সাধাৰণতে মাছ-মাংস, শাক-পাচলি, চাটনি আৰু অন্যান্য ব্যঞ্জনত ব্যৱহাৰ কৰো। কিন্তু জানেনে যে ই আমাৰ শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা সঠিক কৰি ৰখাত সহায় কৰে। নহৰুৱে ছাল সম্পৰ্কীয় সমস্যা হ্ৰাস কৰে আৰু তেজ পৰিষ্কাৰ কৰে।

নহৰুৰ উপকাৰিতা সম্পৰ্কে জনাইছে খেকৰাৰ ৰঞ্জিত সিং মেম’ৰিয়েল ক্লিনিকৰ চিকিৎসক ডাঃ ৰাঘবেন্দ্ৰ চৌধুৰীয়ে।

তেওঁ জনাইছে, নহৰু আচলতে একাধিক ঔষধী গুণেৰে ভৰা। ইয়াত থাকে ফছফৰাছ, মেংগানিজ, কেলচিয়াম আৰু এণ্টি অক্সিডেণ্টৰ দৰে একাধিক খনিজ। নহৰুৱে আমাক হৃদৰোগৰ পৰাও ৰক্ষা কৰে।

নহৰুত আছে এণ্টি বেক্টেৰিয়েল গুণ। ই চৰ্মৰোগ হ্ৰাস কৰাত অত্যন্ত কাৰ্যকৰী। ইয়াত আছে এণ্টি বেক্টেৰিয়াল আৰু এণ্টি ফাংগাল বৈশিষ্ট্য, যিয়ে তেজ পৰিষ্কাৰ কৰাত সহায় কৰি আমাৰ ছাল সুন্দৰ কৰি ৰাখে। ছালত তেজ চলাচল বৃদ্ধি কৰে, ছাল সংক্ৰান্তীয় সমস্যা কমে।

কলেষ্টেৰলৰ ক্ষেত্ৰতো নহৰু দুৰ্দান্ত কাৰ্যকৰী। নিয়মিত এক নিৰ্দিষ্ট উপায়েৰে নহৰু খালে শৰীৰৰ পৰা কলেষ্টেৰল বাহিৰ হয়।

চিকিৎসকগৰাকীয়ে জনাইছে, আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে পুৱা খালী পেটত এফোটা নহৰু খোৱা উচিত। ইয়াৰ ফলত নিয়ন্ত্ৰণত ৰাখিব পাৰি একাধিক শাৰীৰিক সমস্যা।

Disclaimer: এই প্ৰতিবেদনত থকা তথ্যৰ সত্যতা Guwahati Times নিশ্চিত নকৰে। প্ৰত্যেকৰে শৰীৰ আৰু ৰোগৰ প্ৰতিক্ৰিয়া পৃথক। সেয়ে কোনো বস্তু খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।)

You May Also Like

More From Author