সুৰাপান কৰি আহি মাতৃৰ সৈতে কাজিয়া, খঙৰ ভমকত দাৰে ঘপিয়াই পিতৃৰ জীৱন শেষ কৰিলে পুত্ৰই

0 min read

তামুলপুৰৰ গোৰেশ্বৰৰ হাৰিজোৰাৰ বেংগলী চুবাত লোমহৰ্ষক ঘটনা। সুৰাপান কৰি মাতৃক নিৰ্যাতন চলোৱা বাবেই পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ হাৰিজোৰাৰ বেংগলীচুবাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত হয় এই নৃশংস ঘটনা।

জানিব পৰা মতে, আজি দুপৰীয়া হাৰিজোৰাৰ বেংগলীচুবাৰ গৌৰাঙ্গ দাসে (৬৫) সুৰাপান কৰি আহি ঘৰত পত্নী ললিতা দাসৰ ওপৰত নিৰ্যাতন চলায়। এই ঘটনাৰ কিছু সময় পিছত ললিতা দাসে গাঁওখনৰে এঘৰত কাম কৰি থকা পুত্ৰ অনিদ্ৰ দাস(২০)ক পিতৃ গৌৰাঙ্গ দাসে ঘৰত মাৰপিট কৰা বুলি খবৰ দিয়েগৈ।
এই খবৰ পোৱাৰ পিছতে পুত্ৰ অনিদ্ৰ দাসে (২০) ঘৰলৈ আহি পিতৃৰ সৈতে তৰ্কাতৰ্কি লাগে আৰু খঙত টিঙিৰিতুলা হৈ দা এখনেৰে গৌৰাঙ্গ দাসক ডিঙিত ঘপিয়াই হত্যা কৰে।

স্থানীয় লোকে জনোৱা মতে, গৌৰাঙ্গ দাসে (৬৫) সুৰাপান কৰি আহি ঘৰত প্ৰায়ে কাজিয়া কৰাৰ লগতে নিৰ্যাতন চলাই আহিছিল। এই শিহৰণকাৰী ঘটনাৰ পিছতে কাউৰবাহা আৰক্ষী চকীৰ এটা দল গৈ হত্যাকাৰী পুত্ৰ অনিদ্ৰ দাসক (২০) গ্ৰেপ্তাৰ কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

You May Also Like

More From Author