১১ বছৰীয়া পুত্ৰৰ সৈতে চিকিৎসক মাতৃৰ এনে কাণ্ড, ভিডিঅ দেখিলে বুকু কঁপি উঠিব আপোনাৰো

1 min read

১১ বছৰীয়া পুত্ৰৰ সৈতে মাতৃৰ এনে কাণ্ড, ভিডিঅ’ দেখিলে বুকু কঁপি উঠিব আপোনাৰো
পেছাত চিকিৎসক এগাৰকী মাতৃ, শিক্ষা দিক্ষাৰে বহু উচ্চ। কিন্তু মানসিকতা ইমানেই নিম্ন যে, ভাবিব নোৱাৰি, বিশ্বাস কৰিব নোৱাৰি। নিজৰেই পেটৰ পো ১১ বছৰীয়া ল’ৰাক অকথ্য নিৰ্যাতন মাতৃৰ। যি সময়ৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যি ভি়ডিঅ’ দেখি এতিয়া বহুজনেই সেই মাতৃগৰাকীক ধিক্কাৰ দিছে। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’। শিশুটি ইমানেই শান্ত যে, মাতৃৰ অকথ্য নিৰ্যাতন সহিয়ো পাছত সুন্দৰ কৈ ছবি আঁকিবলৈ ধৰে।

এই ঘটনা দিল্লীৰ। দিল্লীৰ এখন প্ৰখ্যাত বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ তাৰোপৰি নিজৰ শ্ৰেণীত প্ৰথম স্থান প্ৰাপ্ত। পাছে ইমানৰ পাছতো ছাত্ৰৰ বিষয়ে সকলো জনাৰ পাছতো বিদ্যালয়ে কেতিয়াও কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোও আচৰিত কথা। ইয়াৰ সৈতে জড়িত ভিডিঅ’ বৰ্তমানে আৰক্ষীৰ হাততো আছে, সেই ভিত্তিতে আৰক্ষীয়ে গোচৰো ৰুজু কৰিছে।

ভাইৰেল হৈ পৰা ভিডিঅ’ দেখা অনুসৰি, পুত্ৰই সুন্দৰ ভাৱে নিজৰ পঢ়া শুনা কৰি থকাৰ সময়তে হঠাতে মাতৃয়ে কোঠাৰ ভিতৰত সোমাই আহি বেগ বিচনাত পেলাই দি পুত্ৰক হাতত ধৰি টানি নি পকাত থেকেচি দিয়ে। আৰু মাৰিবলৈ আৰম্ভ কৰে।

শিশুটিক বেয়াকৈ প্ৰহাৰ কৰাৰ সময়ত নিজকে বচাবলৈ আপ্ৰাণ চেষ্টা কৰে। তেনেদৰে চেষ্টা কৰিলে পুত্ৰৰ বুকুত বহি লৈ চৰ-ঘুচা দিবলৈ আৰম্ভ কৰে মাতৃয়ে। চিঞৰি কান্দি থাকিলেও কোনো দয়া মমতা জাগি নুঠে মাতৃগৰাকীৰ। যেতিয়া নিজে ভাগৰি পৰে তেতিয়াহে এৰি দিয়ে। চকু পানী মচি মচি বিচনালৈ উঠি গৈ পুনৰ ছবি আঁকিবলৈ ধৰে পুত্ৰই।

সেই দৃশ্য দেখিয়ে এতিয়া বহুজনে কৈছে , বহু সৰুৰে পৰা হয়তো সেই কনমানিয়ে এনেদৰে নিৰ্যাতন সহি আহিছে, যাৰ বাবে অভ্যাস হৈ গৈছে, সেয়ে এনে পৰিস্থিতি একেবাৰে শান্ত হিচাপে, নিজৰ ভাগ্য হিচাপে লৈ কাম কৰি গৈছে।

এই ক্ষেত্ৰত শিশুটিৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি, সকলো কথাতে কেৱল নিজকে শেষ কৰিয়াৰ ভাবুকি দি থাকে মাতৃয়ে। যাৰ বাবে মুখ বন্ধ কৰি ৰাখিবলৈ বাধ্য হয় পিতৃ। শিশুটিৰ পিতৃক এই বিষয়ত কথা কোৱাত শিশুটিক পিতৃৰ সন্মুখতে মাৰপিট কৰা হৈছে, তেতিয়া তেওঁ কয় যে তেওঁৰ পত্নীয়ে তেওঁৰ সন্তানক যতেই পাই তেতিয়াই মাৰপিট কৰিছে।

উল্লেখ্য যে, পেছাত মাতৃগৰাকী এগৰাকী চিকিৎসক, আনহাতে পিতৃ ব্যৱসায়ী। বিয়াৰ আগতে সকলো ঠিকেই আছিল, বিয়াৰ পাছৰে পৰা দুয়োৰে মাজত মতানৈক্য আৰম্ভ হবলৈ ধৰে।আৰু যেতিয়াই যেতিয়াই খং উঠে, তেতিয়াই তেতিয়াই মাতৃয়ে সন্তানক প্ৰহাৰ কৰে।

এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে আৰক্ষী সতৰ্ক হৈ পৰে। চলিত বৰ্ষৰ ১৯ এপ্ৰিলত শিশুটিৰ মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বৰ্তমানে ঘটান সন্দৰ্ভত তদন্ত চলি আছে।

You May Also Like

More From Author