আজি জামিন পাবনে অৰবিন্দ কেজৰিৱালে? উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব শুনানি

0 min read

আজি জামিন পাবনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে? আজি শিৰোনামত থকা আটাইতকৈ চৰ্চিত খবৰ হ’ল অৰবিন্দ কেজৰিৱালৰ জামিন আৱেদনৰ শুনানি। আজি উচ্চতম ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ অতৰ্ৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত সিদ্ধান্ত হ’ব। উল্লেখযোগ্য যে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান তেওঁ তিহাৰ জে’লত বন্দী হৈ আছে। আজি ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে কেজৰিৱালৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বলবৎকাৰী সঞ্চালকালয়ে কথিত আবকাৰী নীতিৰ কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ বিষয়ত শপতনামাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত বিৰোধ দাখিল কৰি কয় যে নিৰ্বাচনত প্ৰচাৰ চলোৱা অধিকাৰ মৌলিক অধিকাৰো নহয়, সাংবিধানিক অধিকাৰো নহয়।

একে সময়তে অৰবিন্দ কেজৰিৱালৰ আইনী দলে ইডিয়ে দাখিল কৰা শপতনামাক লৈ আপত্তি কৰিছে। লোকসভা নিৰ্বাচনৰ ঠিক আগতে যদি অৰবিন্দ কেজৰিৱাল জে’লৰ পৰা ওলাই আহে আম আদমী পাৰ্টিৰ বাবে এক বৃহৎ সকাহৰ খবৰ। উল্লেখযোগ্য যে ২৫ মে’ত দিল্লীত লোকসভা নিৰ্বাচন আছে, যাৰ বাবে এতিয়া মাত্ৰ ১৫ দিন বাকী আছে।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক নতুন শপতনামাত ইডিয়ে কয় যে এনে বহু উদাহৰণ আছে য’ত ৰাজনীতিবিদসকলে ন্যায়িক জিম্মাত থাকিও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু জিকিছেও, কিন্তু নিৰ্বাচনী প্ৰচাৰৰ বাবে কেতিয়াও অন্তৰ্ৱৰ্তীকালীন জামিন দিয়া হোৱা নাই। মন কৰিবলগীয়া যে ৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক গ্ৰেপ্তাৰক বৈধতা প্ৰদান কৰিছিল আৰু কৈছিল যে বাৰে বাৰে চমন জাৰি কৰাৰ পিছত আৰু কেজৰিৱালে তদন্তত অন্তৰ্ভুক্ত কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত ইডিৰ হাতত ‘অতি কম বিকল্প’ বাকী আছিল।

You May Also Like

More From Author