এইসকল লোকে আজি শত্ৰুৰ পৰা সাৱধান হওক, পত্নীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব, চাওক ১৩ মে’ৰ ৰাশিফল

0 min read

মেষ ৰাশি : এই দিনটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক হ’ব। পৰিয়ালৰ কোনো সদস্যৰ ভৱিষ্যতক লৈ আলোচনা হ’ব পাৰে, য’ত আলোচনা কৰি সিদ্ধান্তলৈ অহাটো আপোনাৰ বাবে ভাল হ’ব। আপোনাৰ ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ আপোনাৰ বাবে উপকাৰী হ’ব। যদি পত্নীৰ সৈতে বিবাদ হয়, আপুনি বুজনি দিয়াৰ বাবে যথাসাধ্য চেষ্টা কৰিব লাগিব। যিসকলে কাৰোবাৰ পৰা টকা ধাৰলৈ লোৱাৰ কথা ভাবিছে তেওঁলোকে এই চিন্তা ত্যাগ কৰা উচিত, অন্যথা সেই টকা পৰিশোধ কৰাৰ অসুবিধা হ’ব। চাকৰিৰ সৈতে জড়িত ব্যক্তিসকলে পদোন্নতি বা বদলিৰ দৰে খবৰ শুনিব পাৰে। শুভ ৰং : ব্ৰাউন, শুভ সংখ্যা : ৩।

বৃষ ৰাশি : এই দিনটো কৰ্মসংস্থাপন বিচাৰি থকা লোকসকলৰ বাবে ভাল দিন। কাৰণ তেওঁলোকে পছন্দৰ কামৰ সন্ধান পাব পাৰে। ৰাজনীতিৰে জড়িত লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে, কাৰণ শত্ৰুৱে তেওঁলোকৰ উন্নতিৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে। আপুনি পৰিয়ালৰ কোনো সদস্যৰ পৰা সহায় বিচাৰিব, কিন্তু সময়মতে সহায় নোপোৱাৰ বাবে আপুনি দুঃখিত হ’ব। পাৰিবাৰিক সম্পৰ্কত চলি থকা কাজিয়াৰ অৱসান ঘটাব লাগিব। আপুনি যদি বিচাৰে আপোনাৰ সন্তানে কোনো ব্যৱসায় আৰম্ৱ কৰক তেন্তে কিছু অপেক্ষা কৰক, আফুনি এতিয়াই কাংক্ষিত লাভৰ ফল নাপাব। শুভ ৰং : গ্ৰে, শুভ সংখ্যা : ১৭।

মিথুন ৰাশি : এই দিনটো আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ প্ৰশংসা কৰিব। ব্যৱসায়ীসকলে অতিৰিক্ত উৎসাহেৰে কোনো কাম কৰা বাদ দিব লাগিব, অন্যথা ডাঙৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে। আপুনি যদি পূৰ্বতে ধন বিনিয়োগ কৰিছে তেন্তে ভৱিষ্যতে সুফল পাব। আপুনি দৈনন্দিন চাহিদা দূৰ কৰিবলৈ আৰু আপোনাৰ পত্নীৰ বাবে সামগ্ৰী কিনাত অৰ্থ ব্যয় কৰিব, কিন্তু আপোনাৰ আয়ৰ প্ৰতি লক্ষ্য ৰাখি ব্যয় কৰা ভাল, সেয়ে সাৱধান হওক। শুভ ৰং : বগা, শুভ সংখ্যা : ৪।

কৰ্কট ৰাশি : এই দিনটোত আপোনাৰ ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব, যি দেখি পৰিয়ালৰ সদস্যসকলো আনন্দিত হ’ব। আপুনি কিছুমান ভুল মানুহৰ সংস্পৰ্শলৈ আহিব পাৰে, আপুনি সতৰ্ক হৈ থাকিব লাগিব। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰতো উন্নতি দেখিব। মাতৃৰ কোনো শাৰীৰিক সমস্যা থাকিলে সেয়া উন্নত হ’ব। পৰিয়ালত কোনো শুভ অনুষ্ঠানক লৈ আলোচনা হ’ব পাৰে। আপোনাৰ জীৱনসংগীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব, অন্যথা তেওঁ আপোনাৰ ওপৰত খং কৰিব পাৰে। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যই অৱসৰ ল’ব পাৰে, যিয়ে পাৰিবাৰিক পৰিৱেশ আনন্দিত কৰিব। শুভ ৰং : ক’লা, শুভ সংখ্যা : ১৩।

সিংহ ৰাশি : এই দিনটো ভাগ্যৰ দিশৰ পৰা আপোনাৰ শুভ হ’ব। গতিকে আপুনি আপোনাৰ পছন্দৰ কামহে কৰা উচিত। চাকৰি কৰা লোকসকলে তেওঁলোকৰ আগ্ৰহৰ কাম পোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কোনো আত্মীয়ৰ পৰা হতাশজনক খবৰ পাব পাৰে। সন্তানক যিকোনো বিষয়তে নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ কোনো মূল্যৱান সামগ্ৰী চুৰি হোৱাৰ সম্ভাৱনা আছে, সতৰ্ক থাকক। নতুন বন্ধু হ’ব পাৰে, যাক বিশ্বাক কৰাৰ পূৰ্বে সতৰ্ক হ’ব লাগিব। শুভ ৰং : সোণালী, শুভ সংখ্যা : ২।

কন্যা ৰাশি : এই দিনটো শিক্ষাৰ্থীসকলৰ বাবে ভাল। আপুনি আপোনাৰ পৰিয়ালৰ পূৰ্ণ সমৰ্থন পাব। আপুনি অপ্ৰয়োজনীয় কোনো বিষয়ত দৌৰাদৌৰিত ব্যস্ত থাকিব, যাৰ বাবে মূৰৰ বিষ, জ্বৰ আদিত আক্ৰান্ত হ’ব পাৰে। আপুনি আনক সহায় কৰাৰ চেষ্টা কৰিব কিন্তু সেই ব্যক্তিয়ে আপোনাৰ পৰিশ্ৰম আৰু সদিচ্ছাক উপেক্ষা কৰিব। আপুনি যদি কামৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন বিচাৰে তেন্তে সেয়া নিশ্চয় কৰক, ই আপোনাৰ বাবে উপকাৰী হ’ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ পথত অহা বাধা দূৰ হ’ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অভিভাৱকৰ পৰা আশীৰ্বাদ লৈ পৰীক্ষা দিব পাৰিলে তেওঁলোকৰ বাবে ভাল। শুভ ৰং : লেভেণ্ডাৰ, শুভ সংখ্যা : ১১।

তুলা ৰাশি : এই দিনটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। হঠাৎ কোনো কাম শেষ কৰিব লাগিব যিয়ে আপোনাক ভৱিষ্যতে সুবিধা দিব পাৰে। আপুনি যদি ভ্ৰমণলৈ যোৱাৰ প্ৰস্তুতি চলায়, আপুনি প্ৰয়োজনীয় সামগ্ৰী সাৱধানে ৰাখিব লাগিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কামত মনোযোগ দিয়ক, অন্যথা ই আৰু সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই দিনটোত পাৰিবাৰিক অৱস্থাৰ উন্নতি হ’ব। টকাৰ লেনদেন খুব সাৱধানে কৰক। শুভ ৰং : পাৰ্পল, শুভ সংখ্যা : ৯।

বৃশ্চিক ৰাশি : এই দিনটো সামাজিক ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকলৰ বাবে আনন্দৰ হ’ব, কাৰণ তেওঁলোকে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শনৰ সুবিধা পাব। যিসকলে চাকৰিৰ সন্ধানত নানা স্থান ঘূৰি ফুৰিছে তেওঁলোকে কোনো সুখবৰ পাব পাৰে। এই দিনটোত সন্তানৰ স্বাস্থ্যৰ কিছু উন্নতি হ’ব। আপুনি যদি ব্যৱসায়ৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত ল’বলগীয়া হয়, ভাতৃৰ পৰামৰ্শ লওক। যদি আপুনি কোনো কাম কৰাৰ পৰিকল্পনা কৰে তেন্তে তাত সফল হ’ব। কাৰোবাৰ কথাত বেছি টকা বিনিয়োগ নকৰিব। শুভ ৰং : ৰঙা, শুভ সংখ্যা : ১৫।

ধনু ৰাশি : এই দিনটোৱে আপোনাৰ বাবে সুখ কঢ়িয়াই আনিব। ঘৰত প্ৰয়োজনীয় কামৰ বাবে আপুনি আপোনাৰ ব্যৱসায়ত মনোযোগ দিব নোৱাৰিব। আপোনাৰ যদি কোনো পুৰণি ৰোগ থাকে তেন্তে ই পুনৰ দেখা দিব পাৰে। যাৰ বাবে আপুনি চিন্তিত হ’ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা কোনো হতাশজনক খবৰ পাব পাৰে। চাকৰিত আপোনাৰ ইচ্ছা অনুযায়ী কাম নাপালেও ধৈৰ্য ধৰি কাম কৰিব লাগিব, অন্যথা আপোনাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাৰ ওপৰত ক্ষুব্ধ হ’ব পাৰে। শুভ ৰং : কমলা, শুভ সংখ্যা : ৮।

মকৰ ৰাশি : আজি সমাজত আপোনাৰ এক ভাল ভাৱমূৰ্তি প্ৰতিষ্ঠিত হ’ব। গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ থাকিব লাগিব, কাৰণ তেওঁলোকে আপোনাৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে চেষ্টা কৰিব। যিসকলে শ্বেয়াৰ মাৰ্কেট আদিত বিনিয়োগ কৰে, তেওঁলোকে কাংক্ষিত সুবিধা নাপাব। আপুনি বন্ধুৰ ঘৰত কোনো পাৰ্টীলৈ যাব পাৰে। পিতৃৰ সৈতে ব্যৱসায়িক পৰিকল্পনা লৈ আলোচনা কৰিব পাৰে। শিক্ষাৰ্থীসকলে পিকনিকলৈ যোৱাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত কোনো সমস্যা হ’লে আপুনি পত্নীৰ পৰা তাৰ সমাধান পাব পাৰে। শুভ ৰং : হালধীয়া, শুভ সংখ্যা : ৭।

কুম্ভ ৰাশি : এই দিনটোৱে আপোনাৰ বাবে বস্তুগত সুখ বৃদ্ধিৰ ইংগিত দিছে। ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা আছে, ই আপোনাৰ বাবে আনন্দৰ কাৰণ হ’ব। আপোনাৰ আৰ্থিক অৱস্থান মজবুত হ’ব, কিন্তু শহুৰৰ ঘৰৰ কাৰোবাৰ সৈতে কথা পতাৰ সময়ত কথাত নিয়ন্ত্ৰণ ৰাখিব লাগিব। তেতিয়াহে সফলতা অৰ্জন কৰিব পাৰিব। আপুনি যদি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তাত সফল হ’ব। কৰ্মক্ষেত্ৰত বাস্তবায়িত নতুন পৰিকল্পনাই আপোনাৰ বাবে সুফল লৈ আহিব। শত্ৰুৰ পৰা সাৱধানে থাকিব লাগিব। শুভ ৰং : নীলা, শুভ সংখ্যা : ৫।

মীন ৰাশি : এই দিনটো আপোনাৰ বাবে মধ্যম ফলদায়ক হ’ব। আপোনাৰ কৰ্মজীৱনত পৰিৱৰ্তন আহিব পাৰে, যাৰ বাবে মনলৈ কিছু নতুন চিন্তাও আহিব। ব্যৱসায়ীসকলে সমালোচনা উপেক্ষা কৰি তেওঁলোকৰ কামত মনোনিৱেশ কৰিব লাগিব। আপুনি সন্তানৰ পৰা কোনো আনন্দদায়ক খবৰ শুনিবলৈ পাব। শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰমৰ পিছত পৰীক্ষাত সফলতা লাভ কৰিব। আত্মীয়ৰ সৈতে সাক্ষাৎ হ’ব আৰু কোনো পুৰণি বিষয়ক লৈ আলোচনা হ’ব পাৰে, সেয়ে ধৈৰ্যৰ সৈতে পদক্ষেপ লওক। শুভ ৰং : সেউজীয়া, শুভ সংখ্যা : ১।

You May Also Like

More From Author