মহানগৰীৰ মাজ-মজিয়াত শোকাৱহ পথ ঘটনা। মহানগৰীৰ গড়চুকত ভয়ংকৰ পথ দুর্ঘটনাত নিহত মহিলা। কৰ্মস্থলীৰ পৰা চাৰ্ভিছ লেনেৰে স্কুটীৰে আহি থকা দুগৰাকী মহিলাক দ্ৰুতবেগী বাহনে খুন্দা মাৰে। ঘটনাস্থলীতে এগৰাকী মহিলাৰ মৃত্যু হয়। মৃত্যুৰে যুঁজিছে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আনগৰাকী মহিলাই। নিহত মহিলাগৰাকী শিৱসাগৰৰ কুন্তী দাস বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত হৈছে নগাঁৱৰ মামনি বৰা নামৰ মহিলাগৰাকী।
Apollo Excelcare Hospitalত কৰ্মৰত আছিল দুৰ্ঘটনাত পতিত হোৱা মহিলা দুগৰাকী। Apollo Excelcare Hospitalৰ পৰা স্কুটীৰে ঘৰলৈ গৈ আহিল মহিলা দুগৰাকী। চাৰ্ভিছ লেনেৰে গৈ থকা মহিলাগৰাকীক নিজনৰ বিপনীৰ সন্মুখতে খুন্দা মাৰিলে তীব্ৰে বেগে অহা এখন বিলাসী বাহনে।
দুৰ্ঘটনা সংঘটিত কৰা বিলাসী বাহনৰ চালকে সুৰাৰ ৰাগিত মাতাল হৈ থকাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ। ঘটনাস্থলীত মহিলা এগৰাকীৰ মৃত্যুত ক্ষোভিত হৈ পৰিছে বহুলোক। ইতিমধ্যে গুৰুতৰভাৱে আহত মহিলাগৰাকীক GMCHত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ নম্বৰ AS-01 EB-1126 আনহাতে স্কুটীখনৰ নম্বৰ AS-02AH-9929। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকৰ নাম কুমুদ বড়ো।