গৰম দিনত গাড়ী চলোৱাসকলে জানে গাড়ীৰ ভিতৰৰ উষ্ণতা কেনেকুৱা। বহু সময়ত দীঘলীয়া দূৰত্বত যাত্ৰা কৰাৰ সময়ত যাত্ৰী আৰু চালকৰ বাবে মূৰ ঘূৰোৱাটো এক ভয়াৱহ পৰিস্থিতি।
বহুসময়ত উৎকট গৰমৰ বাবে চালক আৰু যাত্ৰী দুয়োজনেই অস্বস্তিকৰ পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হৈছে। বহুতে অসুস্থ হৈ পৰে, আনকি মৃত্যুও হ’ব পাৰে।
গাড়ী চলাওঁতে কেৱল ৰাস্তাৰ ওপৰত চকু ৰাখিব নালাগে। ইন্ধনৰ সূচক আৰু অৱশ্যেই পকেটৰ ওপৰত চকু ৰাখিব লাগিব। বহুতে বিশ্বাস কৰে যে গাড়ীত যদি AC বহু সময় চলি থাকে তেন্তে তেলৰ ব্যৱহাৰ বহু পৰিমাণে বৃদ্ধি পায়।
তীব্ৰ যান-জঁট হ’লে সদায় AC বন্ধ কৰিবলৈ চেষ্টা কৰা হয়। গাড়ীৰ গৰাকীয়ে যিমানেই গৰম নহওক এচি চলোৱাৰ পৰা বিৰত থাকে।
এইটো সঁচা যে AC লগাই গাড়ী চলালে ইঞ্জিনত চাপ পৰে। আৰু গাড়ীৰ ইঞ্জিনে যিমানেই শক্তি উৎপাদন কৰিব সিমানেই ইন্ধন খৰচ কৰিব।
কিন্তু এঘণ্টা ধৰি AC চলাই থাকিলে কিমান তেল খৰচ হয় জানেনে? ঠিক কিমান টকা খৰচ হ’ব আপোনাৰ? সেই হিচাপটো চাওঁ আহক।
কেইবাটাও প্ৰতিবেদন আৰু অধ্যয়ন অনুসৰি গাড়ীৰ এচি চলালে ইন্ধনৰ ব্যৱহাৰ ৪ৰ পৰা ১০ শতাংশ বৃদ্ধি পায়। এয়াৰ কণ্ডিচনাৰ ব্যৱস্থাত প্ৰতি ১০০ কিলোমিটাৰত ০.২ৰ পৰা ১ লিটাৰ গেছলিন ব্যৱহাৰ কৰা হয়।
পৰীক্ষা কৰা হৈছে যে AC চলি থকাৰ সময়ত মাৰুতি বোলানোত প্ৰতি ঘণ্টাত ১.৬৬ লিটাৰ পেট্ৰ’ল খৰচ হয়। অৰ্থাৎ এই হিচাপত আপুনি এঘণ্টা AC চলালে প্ৰায় ১৬০ৰ পৰা ১৭০ টকাৰ তেল খৰচ হ’ব।
গাড়ী কোম্পানী আৰু ইঞ্জিনৰ ক্ষমতা অনুসৰি খৰচ হোৱা তেলৰ পৰিমাণ বেলেগ বেলেগ হয়।