জখলাবন্ধাৰ সৰুভগীয়াত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰন্ধন গেছৰ টেংকাৰ আৰু এখন মাৰতী আৰ্টিগা বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে মহিলাসহ আন দুজন গুৰুতৰভাৱে আহত হয়। মৃত্যু হোৱা লোকজনৰ নাম অভিজিৎ শইকীয়া বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ পিছত দুয়োখন বাহনৰ চালক বহু সময় ধৰি আবদ্ধ হৈ থাকে গাড়ীৰ আসনত। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ দুয়োজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়ত আৰ্টিগা বাহনখনৰ চালকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে। দুৰ্ঘটনাত পতিত মাৰুতি আৰ্টিগা বাহনখনৰ নম্বৰ AS 03AK 5253 আৰু টেংকাৰখনৰ নম্বৰ AS 25CC 9324।