টকা পালে তিনি গগৈয়ে মোৰ পক্ষলৈ আহিব: বদৰুদ্দিন আজমল

1 min read

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ধুবুৰী লোকসভা সমষ্টিতো অগপ, কংগ্ৰেছ আৰু AIUDFৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। গোৱালপাৰা চহৰৰ ময়লাপথাৰ বজাৰৰ সমীপৱৰ্তী মৰিয়মনগৰৰ গ্ৰীণ ভেলী ক্লাৱৰ খেলপথাৰত AIUDFৰ প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলায়। গোৱালপাৰা জিলা AIUDFৰ সভাপতি আবুল কালাম হুছেইন, বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমলে উপস্থিত থাকি ধুবুৰীবাসী ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বদৰুদ্দিন আজমলক ভোট দিবলৈ আহ্বান জনায়।

ধুবুৰী লোকসভা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে ভাষণ প্ৰসংগত কয় যে ‘‘আমি যেনেকৈ দৰিদ্ৰ পিতৃ মাতৃৰ লৰা ছোৱালী ডাক্টৰ, অভিযন্তা, অফিচাৰ হোৱাটো বিচাৰো তেনেকৈ ৰকিবুল হুছেইনে কেতিয়াও দৰিদ্ৰ লোকৰ ল’ৰা ছোৱালী ডাক্টৰ, অভিযন্তা, ডাঙৰ বিষয়া হোৱাটো নিবিচাৰে। NRCৰ সময়ত লুৰিণজ্যোতিয়ে বিজেপিৰ পৰা টকা লৈ সংখ্যালঘু ৰাইজৰ বিৰুদ্ধে গোচৰ তৰিছিল। তাৰ ফলস্বৰূপে সংখ্যালঘু ৰাইজে ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। এইসকলে টকাৰ বাহিৰে একো চিনি নাপায়। অখিল গগৈয়ে কংগ্ৰেছৰ হৈ দালালিত নামিছে। টকা দিলে তিনি গগৈয়ে মোৰ পক্ষলৈ আহি যাব বুলি উল্লেখ কৰে।’’

উল্লখ্যে যে বেচ আকৰ্ষণীয় হৈছে ধুবুৰী সমষ্টিৰ নিৰ্বাচনী যুঁজ। ধুবুৰী সমষ্টিত প্ৰচাৰৰ বাবে নামিছে এগৰাকী পিছত আন এগৰাকী ৰথী-মহাৰথী। বুধবাৰে ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। আনহাতে আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাল চলাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ ধুবুৰীৰ সমষ্টিত নিৰ্বাচনী যুঁজ তিনিকোণীয়া হোৱাৰ সম্ভাৱনা আছে।

You May Also Like

More From Author