শিৱসাগৰ জিলাৰ ডিমৌ নিতাই পুখুৰীৰ জীয়ৰী তথা সাপেখাতীৰ বোৱাৰী পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত সৰৱ হৈ পৰিছে বিভিন্ন দল সংগঠন। বুধবাৰে পংখী সন্দিকৈৰ নিতাই পুখুৰীৰ দুৱৰীচিগা গাঁৱৰ জন্মগৃহত উপস্থিত হয়গৈ আটাছুসহ একাধিক দল-সংগঠনৰ প্ৰতিনিধি। সকলোৱে একমুখে পংখী সন্দিকৈৰ মৃত্যুৰ উচিত তদন্তৰ দাবী তোলাৰ লগতে পংখীৰ স্বামী নীতিকেশ দাসক কঠোৰ শাস্তিৰ দাবী তুলিছে। আনহাতে অহা ৯ মে’ত পংখী সন্দিকৈৰ পৰিয়ালক ন্যায় প্ৰদান তথা দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ সিদ্ধান্ত লৈছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। তদুপৰি সামাজিক মাধ্যমত লাখ লাখ জনতাই পংখী সন্দিকৈৰ মৃত্যুৰ উচিত তদন্তৰ দাবী তুলিছে। দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সৰৱ নেটিজেন।
ক’ৰ পৰা গৈ কি হৈছিল পংখী সন্দিকৈৰ?
পংখী সন্দিকৈ – বহুতৰে বাবে এক চিনাকি নাম। অতিকৈ প্ৰতিভাৱান আছিল পংখী সন্দিকৈ। নিতাইপুখুৰী দুৱৰীচিগা গাঁৱৰ ভৈৰৱ সন্দিকৈ আৰু দিপিকা সন্দিকৈৰ বৰ জীয়ৰী আছিল পংখী। বৰ কষ্টৰে দিন হাজিৰা কৰি পংখীক বৰজনী কৰিছিল পিতৃ মাতৃয়ে। সৰুৰে পৰা মেধাৰ পৰিচয় দিছিল তাই। বিভিন্ন ইতিবাচক কামত স্কুলীয়া দিনৰে পৰা পৰা আগৰণুৱা আছিল পংখী। যাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসহ বহুজনৰ আপোন হৈ পৰিছিল পংখী সন্দিকৈ। হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম চৰকাৰৰ দ্বাৰা স্কুটীও লাভ কৰিছিল পংখীয়ে। মন আছিল উচ্চশিক্ষা গ্ৰহণ কৰাৰ। সেই সূত্ৰেই পংখীক বহু কিলোমিটাৰ দূৰত্ব অতিক্ৰমী শিৱসাগৰ কলেজ, জয়সাগৰত নাম ভৰ্তি কৰাই দিছিল পিতৃয়ে।
পংখীৰ পিতৃ-মাতৃকো জোৰ কৰিছিল নীতিকেশৰ পৰিয়ালে। ‘‘পংখীক বোৱাৰী কৰি নিয়াৰ মন সামাজিকভাৱে। আপোনালোকে না নক’ব। কোনো কাৰণতে আপোলোকৰ ছোৱালীক কষ্টত পৰিবলৈ নিদিওঁ। নিজৰ ছোৱালীৰ দৰে ৰাখিম। “- এই প্ৰতিশ্ৰুতি দিছিল নীতিকেশ দাস আৰু তেওঁৰ পিতৃ-মাতৃয়ে। পিছত দুয়োটা পৰিয়াল উপনীত হ’ল সহমতত। এয়া পংখী সন্দিকৈৰ মাতৃয়ে কোৱা কথা।
যোৱা ৩ অক্টোবৰত পংখী সন্দিকৈ আৰু নীতিকেশ দাসৰ বিয়া হৈছিল। কিন্তু দুখৰ খবৰটো আহিল যোৱা ৩ মে’ত। যোৱা শুকুৰবাৰে পুৱা পংখী সন্দিকৈৰ নিথৰ দেহ উদ্ধাৰ হ’ল নামৰূপ থাৰ্মেলৰ এটা কোৱাৰ্টাৰত। অনাকাংশিত অহস্যকৰ খবৰটো পিতৃ ভৈৰৱ সন্দিকৈয়ে পালে শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত। যেন মুহূৰ্ততে সৰগ ভাগি পৰিল। শিল পৰা কপৌৰ দৰে থৰ লাগিল পিতৃ। বহু সাহস কৰি জনালে পংখীৰ মাতৃক। কান্দোনৰ ৰোল উঠিল ঘৰখনত। ক’ত যাব, কি কৰিব! উপায়হীন! পিতৃ ভৈৰৱ সন্দিকৈয়ে যোগাযোগ কৰিলে নামৰূপ আৰক্ষীৰ সৈতে। ইতিমধ্যে পংখীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ কথা মতেই নিদিষ্ট কলংকিত কোৱাৰ্টাৰলৈ নগৈ আৰক্ষীৰ জিম্মাত থকা পংখীৰ নিথৰ দেহ প্ৰত্যক্ষ কৰিলে পিতৃয়ে। মুখ মণ্ডলত কাহানিও নেদেখা ঘা, আঘাতৰ চিন। লাগি আছিল তেজৰ চেকুৰা। নাছিল এটা দাঁত। নিমজ গালত পৰি আছিল তিনি চাৰিটা আঙুলিৰ ৰঙা হৈ থকা চাব।
ইপিনে শোকত ভাগি পৰিল পংখীৰ মাতৃ। ইয়াৰ মাজতে কৈ গ’ল যোৱা ছয় মাহৰ বহু কথা। পংখীৰ মাতৃৰ অভিযোগ, ‘‘পংখী আৰু নীতিকেশৰ সংসাৰ প্ৰথম ঠিকেই চলিছিল। কিন্তু লাহে লাহে পংখীয়ে নীতিকেশৰ অবৈধ প্ৰেম ধৰা পেলালে। নীতিকেশৰ বেলেগ ছোৱালীৰ সৈতে পৰকীয়া প্ৰেম ধৰা পেলালে। তাৰ মেচেজ পালে ৱাটছাপট। তাৰ পিছতে কাজিয়া হৈছিল। তাইক মাৰপিত কৰিলে। মোক এবাৰ কৈছিল নীতিকেশে বেলেগ ছোৱালীৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলা বুলি। বেলেগ ছোৱালীৰ ঘৰ, টয়লেট বনোৱাৰ নামতো নীতিকেশে টকা খৰচ কৰিছিল। যাৰবাবে শিক্ষা বিভাগৰ চাকৰিৰ দৰমহাৰ টকাৰে জোৰা নমৰিছিল। মই বিশ্বাস কৰা নাছিলোঁ। তাইক ধৈৰ্য ধৰিবলৈ কৈছিলো। মিছা হ’ব পাৰে বুলি কৈছিলো। কিন্তু তাই শেহতীয়াকৈ প্ৰমাণ পাইছিল। মোৰ ঘৰলৈ দীঘলীয়াকৈ থাকিব পৰাকৈ থাকিবলৈ আহিম বুলি কৈছিল। হয়তো তেতিয়া বহু কথাই ক’লেহেঁতেন। কিন্তু তাই সেই সুযোগ নাপালে। এতিয়া সকলো শেষ।’’ লগতে এই ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে পংখী সন্দিকৈৰ পিতৃ-মাতৃয়ে।
Source: News18 Assam