মৃত্যুৰ কেইটামান ঘণ্টা পূৰ্বে কলেজীয়া বান্ধবীলৈ ফোন কৰিছিল পংখীয়ে, নীতিকেশৰ বিষয়ে কি কি কৈছিল বান্ধৱীক?

1 min read

পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুক লৈ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে কেতবোৰ নতুন নতুন তথ্য। যোৱা ৩ মে’ৰ পুৱা নামৰূপ থাৰ্মেলৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছিল ২৩ বছৰীয়া পংখী সন্দিকৈৰ মৃতদেহ। ‘‘চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হ’লেও এয়া চূড়ান্ত সিদ্ধান্ত নাছিল। হয় স্বামী নীতিকেশ দাসে হত্যা কৰি অন্য ৰূপ দিবলৈ চেষ্টা কৰিছে, নহয় চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাধ্য কৰোৱা হ’ল পংখীক।’’ এয়া আমাৰ কথা নহয়, এই গুৰুতৰ অভিযোগ পংখী সন্দিকৈৰ পিতৃ ভৈৰৱ আৰু মাতৃ দিপীকা সন্দিকৈৰ। এই অভিযোগ উত্থাপন কৰি ইতিমধ্যে প্ৰতিবাদো কৰিছে পংখীৰ আত্মীয়-স্বজনসহ দল-সংগঠনে। কিন্তু ইয়াৰ মাজতে কেতবোৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে।

মৃত্যুৰ পূৰ্বে বান্ধৱীলৈ ফোন কৰি কি কৈছিল পংখী সন্দিকৈয়ে?

৩ মে’ত উদ্ধাৰ হৈছিল পংখীৰ মৃতদেহ। কিন্তু তাৰ কেইঘণ্টামানৰ আগেয়ে পংখী সন্দিকৈয়ে ফোন কৰিছিল এগৰাকী কলেজীয়া বান্ধৱীলৈ। শিৱসাগৰ ৰংঘৰ চাৰিআলি সমীপৰ নিবাসী আছমিন আৰা আহমেদলৈ ফোন কৰিছিল পংখীয়ে। ‘‘মোলৈ ২ মে’ বৃহস্পতিবাৰে ৰাতি প্ৰায় ১০.৫৬ বজাত ফোন কৰিছিল পংখীয়ে। নীতিকেশ দাসে মাৰপিট কৰা বুলি কৈছিল। নীতিকেশে বেলেগ ছোৱালীৰ সৈতে মেছেজ কৰি থাকোতে দেখা পোৱা বুলি কৈছিল। তাৰ পিছতে সেইদিনা কাজিয়া হৈছিল। তাক ডিভ’ৰ্চ দিব বুলি কৈছিল আৰু এই কথা পাতিবলৈকে সাপেখাতীৰ নীতিকেশ দাসৰ ঘৰলৈ গৈ পিতৃ মাতৃক জনাব বুলিও কৈছিল মোক ফোনত। কি হয়গৈ পিছত জনাবি বুলি কৈ মই ফোন কাটি দিছিলোঁ। তাৰ পিছত পুৱা তাইৰ মৃত্যুৰ খবৰ পাইছোঁ। “- এই প্ৰতিবেদকৰ আগত এইদৰে কয় পংখীৰ ঘনিষ্ঠ বান্ধৱীগৰাকীয়ে।

আৰক্ষীয়ে সঁচাকৈয়ে তদন্ত সঠিকভাৱে কৰিছেনে?

পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ পিছৰে পৰা আৰক্ষীৰ তদন্তক লৈ সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনৰ লগতে পৰিয়ালৰ লোকে। যদিও সোমবাৰে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকে সংবাদমেল যোগে তদন্ত নিকাভাৱে কৰি থকা বুলি দাবী কৰিছে, কিন্তু সহজভাৱে ল’ব পৰা নাই পংখী সন্দিকৈৰ পিতৃ-মাতৃয়ে। অভিযুক্ত নীতিকেশ দাসৰ ম’বাইল ফোন আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে পংখীৰ পৰিয়ালে। তদুপৰি পংখীৰ ডায়েৰীখন কিয় আৰক্ষীয়ে বিচাৰি উলিওৱা নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে তদন্তকাৰী আৰক্ষীয়ে পংখী সন্দিকৈৰ কলেজীয়া দুই এক বন্ধু বান্ধৱীলৈ ফোন কৰি সোধাপোছা কৰিছে যদিও পংখীয়ে মৃত্যুৰ পূৰ্বে ফোন কৰা দুই এক বান্ধৱীৰ সৈতে এতিয়াও যোগাযোগ কৰি তথ্য উদ্ধাৰৰ চেষ্টা কৰা নাই। যাৰ বাবে তদন্ত প্ৰক্ৰিয়াক লৈ সন্দেহ প্ৰকাশ কৰিছে আটাছুসহ একাংশ সংগঠনে। আৰক্ষীয়ে পংখী সন্দিকৈৰ শেহতীয়া কল লিষ্টখন চোৱাই নাই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

You May Also Like

More From Author