সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হ’ব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা

1 min read

সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হ’ব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা

কৰ্কট ৰোগ সন্দৰ্ভত চিকিৎসা বিজ্ঞানীৰ ফালৰ পৰা প্ৰকাশ পাইছে এক সুখবৰ। এতিয়া কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰা গম পোৱা যাব ভৱিষ্যতে কেন্সাৰ হ’ব নে নহয়। এতিয়া এই পৰীক্ষাৰ পৰা জীৱন ৰক্ষা কৰিব পৰা যাব ৰোগীৰ।

আজি কালিৰ দিনত কেঞ্চাৰৰ ফলত বৃদ্ধি পোৱা ৰোগী আৰু মৃত্যুৰ সংখ্যাক লৈ চিন্তিত হৈ পৰিছে চিকিৎসকসকল। ইয়াক ৰোধ কৰিবলৈ নতুন দিল্লীৰ এছ এন মেডিকেল কলেজ আৰু মৌলানা আজাদ মেডিকেল কলেজৰ চিকিৎসকে উলিয়াইছে এক বিশেষ পৰীক্ষা। যি পৰীক্ষাৰ জৰিয়তে ৰক্ষা কৰিব পাৰিব ৰোগীপ জীৱন।

ইয়াৰ বাবে প্ৰয়োজন হ’ব কেৱল মাথো এটা পৰীক্ষা। ডি এন এ পৰীক্ষা কৰি কেন্সাৰ জিন বিচাৰিব মানুহৰ শৰীৰত। আৰু ইয়াৰ বাবে সময়োপযোগী চিকিৎসা কৰি ৰোগীৰ জীৱন ৰক্ষা কৰিব।

আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল কেন্সাৰ ৰোগী এগৰাকীয়ে নিজেই নজনাকৈ এই ৰোগৰ তৃতিয় নাইবা চতুৰ্থ ষ্টেজলৈ গুচি যায়, যাৰ ফলত সেই ৰোগীগৰাকীৰ প্ৰাণ ৰক্ষা কৰাটো কিছু কঠিন হৈ পৰে।

সেয়ে এই সমস্যা দূৰ কৰিবলৈ জৈৱ ৰসায়ন বিভাগত ৬০ লাখ টকা ব্যয়সাপেক্ষে এছ এনত ডি এন এ পৰীক্ষাৰ বাবে আণৱিক পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। বেছিভাগ সঁজুলি আহি পাইছে। ইয়াত সম্ভাৱ্য ৰোগীৰ ডি এন এ পৰীক্ষা কৰি কেন্সাৰ ধৰা পেলাব।

প্ৰথম অৱস্থাত তেজৰ কৰ্কট ৰোগীৰ ডি এন এ পৰীক্ষা কৰা হ’ব, তাৰ পিছত মুখৰ কৰ্কট ৰোগ, স্তন কেন্সাৰ, ছাৰ্ভাইকেল কেন্সাৰকে ধৰি অন্যান্য কৰ্কট ৰোগৰ জিন আৱিষ্কাৰ কৰা হ’ব।

ইয়াত মানুহৰ ডি এন এ, পি চি আৰ আৰু পৰৱৰ্তী প্ৰজন্মৰ ক্ৰমবিন্যাস, প্ৰাইমাৰ ডিজাইনিং আৰু অন্যান্যৰ জৰিয়তে কাৰক বিচাৰি পোৱা যাব। অধ্যক্ষ ডাঃ প্ৰশান্ত গুপ্তাই কয় যে দুয়োখন চিকিৎসা মহাবিদ্যালয়ৰ মাজত এক চুক্তিৰ আলোচনা হৈছে। জুন মাহৰ পৰা আৰম্ভ হ’ব এই প্ৰকল্প।

Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে এজন বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

You May Also Like

More From Author